
ধেমাজি, ০২ নৱেম্বৰ (হি.স.)। গোগামুখৰ পৰা ঘিলামৰা- ঢকুৱাখনা সংযোগী ২২ নং ৰাজ্যিক ঘাইপথে জলা-কলা খুৱাইছে যাত্ৰী সকলক। ধেমাজি জিলাৰ লোক নিৰ্মাণ বিভাগে পথটো মেৰামতি নকৰা ফলত এতিয়া মৰণফান্দত পৰিণত হৈছে। এজাক বৰষুণতে পথ নে পুখুৰী ধৰিব নোৱাৰা পৰিৱেশ সৃষ্টি হোৱা পিছতো পথটো মেৰামতিৰ বাবে কোনো ধৰনৰ সদিচ্ছা দেখা পৰিলক্ষিত ন'হল বিভাগীয় কৰ্তৃপক্ষৰ।
লখিমপুৰ , ধেমাজি দুখন জিলাকে স্পৰ্শ কৰি উত্তৰ পাৰৰ দিশেৰে ঢকুৱাখনা হৈ মাজুলিলৈ যোৱা এইটোৱে মূল পথ। পথটোক কেন্দ্ৰ কৰি ধেমাজি সমষ্টিৰ বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা সহ তিনিজন জনপ্ৰতিনিধিৰ ওপৰতে বৰ্তমান ক্ষোভ যাত্ৰী সকলৰ। পথটোৰ দুৰৱস্থাৰ বাবে ইতিমধ্যে কেইবাজনো মৃত্যু হোৱা লগতে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে।
শীঘ্ৰে পথটো মেৰামতিৰ কৰিবলৈ আহ্বান ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা