



নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০৮ সংখ্যক জন্ম জয়ন্তীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তেখেতৰ সাহস, দূৰদৰ্শিতা আৰু শক্তিশালী নেতৃত্বক স্মৰণ কৰি পুস্প শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শক্তি স্থল পৰিদৰ্শন কৰে। ইন্দিৰা গান্ধীৰ স্মৃতিসৌধত তিনিওজন নেতাই পুষ্পমাল্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মীও উপস্থিত থাকে।
কংগ্ৰেছৰ সভাপতি খৰ্গেয়ে এক্স-পোষ্টত কয়, আজীৱন সংগ্ৰাম, সাহস আৰু নিপুণ নেতৃত্বৰ নিদৰ্শন ইন্দিৰা গান্ধীলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। তেওঁৰ শক্তিশালী নেতৃত্ব আৰু জাতিৰ ঐক্য আৰু অখণ্ডতাৰ বাবে দূৰদৰ্শী কাৰ্য্যই ভাৰতক বিশ্বজুৰি এক সুকীয়া পৰিচয় দিলে। তেওঁৰ জীৱন আৰু কৰ্ম আজিও আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈয়ে আছে।
ৰাহুল গান্ধীয়ে পোষ্টটোত কয়, মোৰ আইতা ইন্দিৰা গান্ধীয়ে মোক ভাৰতৰ বাবে নিৰ্ভীক সিদ্ধান্ত ল'বলৈ শিকাইছিল আৰু প্ৰতিটো পৰিস্থিতিত ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম স্থান দিবলৈ শিকাইছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমে মোক এতিয়াও অন্যায়ৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিবলৈ প্ৰেৰণা দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ