
যোৰহাট, ১৮ নৱেম্বৰ (হি.স.)। টীয়কৰ বিভিন্ন স্থানত ভাগৱত পাঠ,নাহৰ পুলি ৰোপণ,ৰক্তদান কাৰ্যসূচীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন l
আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন।সমগ্ৰ ৰাজ্যই আজি বিষাদৰ মাজতে উলহ মালহে উদযাপন কৰিছে প্ৰাণৰ শিল্পীগৰকীৰ জন্মদিন।টীয়কতো বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী।এয়া টীয়কৰ খাৰঘৰীয়া অঞ্চলৰ পৰিবেশ সমূহ খাৰঘৰীয়াবাসীয়ে প্ৰিয় শিল্পীগৰকীৰ জন্মদিন উপলক্ষত আজিৰ পৰা চাৰিদিনীয়াকৈ ভাগৱত পাঠ কাৰ্যসূচী গ্ৰহণ কৰিছে।
পুৱা পতাকা উত্তোলন,শ্ৰদ্ধাঞ্জলি জ্ঞাপন,সৰ্বধৰ্মীয় প্ৰাৰ্থনা সমাপণ কৰি জয় জুবিন দা,জুবিন দা অমৰ হওক,justice for zubeen আদি শ্লোগানেৰে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে এখন সোণৰ অসম গঢ় দিয়াৰ সংকল্প লৈছে।ইপিনে টীয়কৰ এগৰাকী উদিয়মান যুৱক শ্যাম ফুকনে তেওঁৰ শ্যাম ভেজিটেবুলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ উদ্যোগত টীয়কৰ কেইবাটাও স্থানত সহযোগীসকলে লৈ জুবিন গাৰ্গৰ প্ৰিয় ৫৩ টাকৈ নাহৰ পুলি ৰোপন কৰিছে লগতে প্ৰতিপালনৰ দায়িত্বও লৈছে।উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰেই টীয়কৰ অন্যতম সামাজিক অনুষ্ঠান সুবাসে টীয়কৰ ফুডভিল্লাত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে।উক্ত ৰক্তদান শিবিৰৰ আৰম্ভণিতে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীত পৰিবেশন কৰে উপস্থিত সকলোৱ।উক্ত ৰক্তদান কাৰ্যসূচীত ইতিমধ্যে প্ৰায় অৰ্ধ শতাধিক জুবিন অনুৰাগীয়ে ৰক্তদান কৰিছে লগতে অসম চৰকাৰে আজিৰ দিনটোত বিভিন্ন স্থানত আয়োজন কৰা ৰক্তদান শিবিৰৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছে।সুবাসৰ উদ্যোক্তাসকলে কয় যে সামাজিক মাধ্যমত justice for zubeen লিখাৰ সমান্তৰালকৈ আমি হাতে কামে কৰ্ম ক্ষেত্ৰত জুবিন গাৰ্গৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যাব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু