কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন
কোকৰাঝাৰৰ গৌৰাংনৈৰ পাৰৰ চান্দামাৰীত ৫৩ সংখ্যক জুবিনবিহীন জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিনউদযাপন।
কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন


কোকৰাঝাৰ, ১৮ নৱেম্বৰ (হি.স.): বিটিচি চৰকাৰৰ উদ্যোগতো জাকজমকতাৰে উদযাপন কৰা হৈছে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন।বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰক্তদান শিবিৰ উদ্বোধন কৰাৰ লগতে ৰক্তদান কৰে হাগ্ৰামা মহিলাৰীয়ে ।

কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমিত নিৰ্মান কৰা জুবিন গাৰ্গ উদ্যান স্থাপন। আজি প্ৰাণৰ কন্ঠ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলৰী উদ্যান খন আধাৰশিলা স্থাপন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৫৩ সংখ্যক প্ৰাণৰ শিল্পী গৰাকীৰ অবিহনে জন্মদিন পালন কৰে।

বিটিচিৰ পাঁচখন জিলাৰ পৰা অহা ২৫ হাজাৰ শিল্পী তথা অনুৰাগীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিবেশন কৰে মায়াৱিনী গীত। বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত অতি জাগজমতাৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয়। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰোপণ কৰা হয় ৫৩ জোপা নাহৰ গছৰ পুলি। কোকৰাঝাৰৰ গৌৰাংনৈৰ পাৰৰ চান্দামাৰীত ৫৩ সংখ্যক প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিনৰ কাৰ্যসুচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বিষয়ববীয়াসকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande