
ডিব্ৰুগড়, ১৮ নৱেম্বৰ (হি.স.)। আজি অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন। হাৰ্টথ্ৰব জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উপলক্ষ্যে আজি টিংখাঙৰ ভিন্ন প্ৰান্তত টিংখাং মহাবিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ উদ্যোগত নাহৰ পুলি ৰোপন কৰা হয়।
টিংখাং আৰক্ষী থানা, ৰাজগড় আৰক্ষী চকী, টিংখাং মহাবিদ্যালয়,টিংখাং বালিকা বিদ্যালয়কে ধৰি মুঠ ১২ খন বিদ্যালয়ত ২০০টা নাহৰ পুলি ৰূপন কৰে ছাত্ৰ-ছাত্ৰীসকলে। টিংখাং আৰক্ষী থানাৰ চৌহদত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপনেৰে প্ৰিয় শিল্পী গৰাকীক সোঁৱৰি নাহৰ পুলি ৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ।
উল্লেখ্য যে আজি ১৮ নৱেম্বৰত হাৰ্টথ্ৰব জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উদযাপন কৰা হৈছে। প্ৰাণৰ শিল্পী গৰাকীৰ অবৰ্তমানত ৰাজ্য বাসীয়ে জন্ম দিৱসত শ্ৰদ্ধাৰে জুবিন গাৰ্গৰ স্মৃতি ৰোমান্হন কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা