
ধুবুৰী, ১৮ নৱেম্বৰ (হি.স.): অবৈধ গো সৰবৰাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীৰ অভিযানত যোৱা কালি সোমবাৰে বিয়লি আটক কৰা হয় তিনি গো ব্যৱসায়ী আৰু জব্দ কৰা হৈছে গো ধন সহ মালবাহী বলেৰো বাহন এখন।
কোকৰাঝাৰ জিলাৰ পৰা মালবাহী বলেৰো বাহনত গো সৰবৰাহ কৰাৰ সময়ত শালকোচা এলেকাত আৰক্ষীয়ে অভিযান চলায়। আটকাধীন গো ব্যৱসায়ী কেইজন ক্ৰমে মাজেন আলী সেখ, আহিদুল আলী সেখ আৰু নিশান আলী। তিনিওৰে ঘৰ কোকৰাঝাৰ জিলাৰ ঘূৰামাৰীত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ইয়াৰে আলীয়ে বহু দিনৰ পৰা গো ব্যৱসায়ীৰ লগত জড়িত যদিও কোনো প্ৰমাণ নোহোৱাৰ বাবে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত গো ব্যৱসায়ী। জব্দকৃত বলেৰো বাহন খনৰ নম্বৰ এএছ ১৭ চি ৫২৫৩ বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ