
বাক্সা, ১৮ নৱেম্বৰ (হি.স.): ভাৰত-ভূটান সীমান্তত শুল্ক বিভাগৰ কাৰ্যালয়ৰ সন্মুখত যোৱা কালি সোমবাৰৰ নিশা ট্ৰাক ড্ৰাইভাৰ সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলৰ ট্ৰাক সমূহেৰে ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথ ব্লক কৰি উত্তাল প্ৰতিবাদ।
লেণ্ড পৰ্ট অ'থৰিটি অ'ফ ইন্দিয়াই ১৮ শতাংশ জিএছটি লগাই পাৰ্কিং চাৰ্জ বঢ়োৱাৰ বিৰোধীতাৰে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি আগৰ তুলনাত ৪/৫ গুণ পাৰ্কিং চাৰ্জ বঢ়াই ট্ৰাক, টেইলাৰ সকলৰ মালিক পক্ষক বিপাঙত পেলোৱাৰ লগতে ড্ৰাইভাৰ সকলৰ কষ্টৰ আয় কাঢ়ি লৈ অন্যায় কৰিছে শুল্ক বিভাগে।
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি এনেদৰে শুল্ক বৃদ্ধি কৰি জুলুম কৰিলে আৰু গুলিয়াই হত্যা কৰাৰ প্ৰয়োজন নাই বুলি কয়। কালি নিশা ট্ৰাক ড্ৰাইভাৰ আৰু মালিক পক্ষই প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰ হায় হায়, বিজেপি গ' বেক, এলপিএআই গ' বেক, ড্ৰাইভাৰৰ ওপৰত অত্যাচাৰ নচলিব আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ইপিনে ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাস্থিত লেণ্ড পৰ্ট অ'থৰিটি অ'ফ ইন্দিয়াৰ প্ৰবন্ধক ডি চি মৰিয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে চৰকাৰৰ নতুন নিৰিখ অনুসৰি পাৰ্কিঙৰ গাড়ী সমূহৰ কৰ আগতকৈ কিছু বৃদ্ধি কৰা হৈছে। এইক্ষেত্ৰত চৰকাৰৰ নীতি নিয়ম মতেহে সকলো কাম কৰি থকা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ