শিৱসাগৰ অ' এন জি চি কলনীৰ সমীপত মাতৃ - কন্যাৰ আত্মহনন
শিৱসাগৰ, ১৮ নৱেম্বৰ (হি.স.)। শিৱসাগৰ অ'' এন জি চি কলনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা। মাতৃ - কন্যাই একেলগে কৰিলে আত্মহনন । ঘৰত নিজেই অগ্নি সংযোগ কৰি আত্মহনন । মাতৃৰ নাম ৰূপা বৰগোঁহাই, কন্যাৰ নাম উপাসনা বৰগোঁহাই । উপাসনা বৰগো‌ঁহাই বিবাহিত টেট
শিৱসাগৰ অ' এন জি চি কলনীৰ সমীপত মাতৃ - কন্যাৰ আত্মহনন


শিৱসাগৰ, ১৮ নৱেম্বৰ (হি.স.)। শিৱসাগৰ অ' এন জি চি কলনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা। মাতৃ - কন্যাই একেলগে কৰিলে আত্মহনন ।

ঘৰত নিজেই অগ্নি সংযোগ কৰি আত্মহনন । মাতৃৰ নাম ৰূপা বৰগোঁহাই, কন্যাৰ নাম উপাসনা বৰগোঁহাই । উপাসনা বৰগো‌ঁহাই বিবাহিত টেট শিক্ষয়িত্ৰী ।

আত্মহত্যাৰ সন্দৰ্ভত লিখি থৈ গৈছে ছুইচাইড নোট ।উপাসনা বৰগোঁহাই বিয়া হৈছিল ছাৰিং নিবাসী বিদ্যুৎ নাথৰ সৈতে। ইয়াৰ পূৰ্বেও ২০২৪ চনৰ ১০ মে'ত স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল উপাসনাই ।ঘটনাস্থলীত শিৱসাগৰ টাউন আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে শিৱসাগৰৰ চৰকাৰী চিকিতসালয়লৈ প্ৰেৰণ কৰে।মাতৃ–কন্যা দুয়ো আত্মহত্য়া কৰাৰ বিষয়ে বাতৰি প্ৰকাশ পোৱাৰ পিছতে অঞ্চলটোত শোকৰ চা পৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande