
দৰং, ১৮ নৱেম্বৰ (হি.স.)। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা,,,।হয় অশ্ৰু নিগৰায়ে নহয় এই অশ্ৰু যদি জোখা হলহেতেন তেতিয়াহলে হয়তো ই নদী হৈ মহাসাগৰ হৈ গলহেতেন। কিয়নো প্ৰাণৰ শিল্পীগৰাকীৰ অকাল বিয়োগৰ খবৰটোযেন আজিও কোনেও মানি লব পৰা নাই। আজিও দিনে নিশাই জুবিন সংগীত শুনিলে, ডাঙৰ হৰ্ডিঙত , টিভিত জুবিন গাৰ্গৰ পূৰণি সাক্ষাতকাৰ তথা ছবিখন দেখিলে ফেকুৰি উঠে প্ৰত্যেক অসমীয়া তথা জুবিনপ্ৰেমী। আজি জুবিন গাৰ্গে সকলোকে এৰি যোৱাৰ প্ৰায় দুমাহেই হবলৈ হল।
কিন্তু অশ্ৰু এতিয়াও যেন নিগৰিয়েই আছে আৰু শেষ হোৱাৰ যেন নামে লোৱা নাই। এয়াই হৈছে সংগীতৰ ভগৱানজনৰ বাবে ৰাইজৰ প্ৰেম। আজি জুবিন বিহীন তেখেতৰ প্ৰথমটো ওপজা দিন।
আজি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বড়োভূমি পাহাৰ ভৈয়াম, ৰাজ্যৰ প্ৰত্যেকটো কোণতে জুবিন গাৰ্গৰ জন্মদিনটো পালন কৰা হৈছে। সকলোৱে আজি মহান শিল্পীগৰাকীৰ মৃত্যুৰ সহস্য উদঘাটন যাতে হয় তথা তেওঁক ন্যায় দিয়াৰ আহ্বান জনায় পুনৰ এবাৰ ফেকুৰি উঠা দেখা গল হাজাৰ হাজাৰ জুবিন প্ৰেমীক। আজি এই বিশেষ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে মঙ্গলদৈতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে ওপজা দিনৰ বিশেষ অনুষ্ঠান। সমান্তৰালকৈ মঙ্গলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ'ৰামেও দিনযোৰা কৈ অনুষ্ঠিত কৰিছে তেখেতৰ ওপজা দিনৰ কাৰ্যসূচী।
প্ৰথমটো কাৰ্যসূচী (প্ৰভাত ফেৰী) অনুষ্ঠিত হৈ যায়। প্ৰভাত ফেৰীত প্ৰায় দুই শতাধিক জুবিনৰ গুণমুগ্ধই অংশগ্ৰহণ কৰে। লগতে জুবিনৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি পৰিভ্ৰমণ কৰে মঙলদৈ চহৰ। প্ৰভাত ফেৰীত উপস্থিত আছিল অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস,অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নিলীমা দেৱী, বিশিষ্ট চিকিৎসক অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ লগতে মঙ্গলদৈৰ বহু গন্য মান্য ব্যক্তি সকল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা