
নগাঁও, ১৮ নৱেম্বৰ (হি.স.)। হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনটো আজি ১৮ নৱেম্বৰত কলিয়াবৰত জাতীয় স্বাভিমান দিৱস ৰূপে পালন কৰা হয় । কলিয়াবৰৰ ১২২টা সামাজিক, সাংস্কৃতিক দল-সংগঠনৰ উদ্যোগত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত কলিয়াবৰৰ কুঁৱৰীটোলত উদযাপন কৰা হয় জাতীয় স্বাভিমান দিৱস।
পুৱা ৯ বাজি ৯ মিনিটত ৫৩ টা নাহৰ গছৰ পুলি ৰোপণৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ১ হাজাৰ গায়ন-বায়নে দেববাদ্য পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৩ হাজাৰ আয়তীয়ে পৰিৱেশন কৰে দিহানাম। ইয়াৰ পিছতে জুবিন গাৰ্গৰ বিভিন্ন গীতৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীয়ে নিজ নিজ ভাষাত পৰিৱেশন কৰে মায়াবিনী গীতটো।
ইফালে অনুষ্ঠান আয়োজন হোৱা কুঁৱৰীটোলৰ কলঙৰ পাৰৰ ৪ বিঘা চৰকাৰী ভূমি zubeen greens নামেৰে নৱপ্ৰজন্মলৈ উৎসৰ্গা কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানৰ স্থলীত একেলগে বহু চিত্ৰশিল্পীয়ে অংকন কৰে জুবিন গাৰ্গৰ চিত্ৰ। সুদীৰ্ঘ তিনিটা দশকৰ বৰ্ণময় সাংগীতিক যাত্ৰা সামৰি মৃত্যু জিনি অমৰ হোৱা নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ স্মৃতিচিহ্ন স্থাপন কৰা হয় উদযাপন স্থলীতে।
উল্লেখ্য যে কোনোধৰণৰ ঘোষক অবিহনে প্ৰায় ১ ঘণ্টা ১৫ মিনিট ধৰি অবিৰতভাৱে পৰিৱেশন হয় জাতীয় স্বাভিমান দিৱসৰ কাৰ্যসূচী।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা