
লাইপজিগ, ১৮ নৱেম্বৰ (হি.স.)। জাৰ্মানীয়ে সোমবাৰে চূড়ান্ত কোৱালিফায়াৰত শ্লোভাকিয়াক ৬-০ গ’লত পৰাস্ত কৰি অহা বছৰৰ ফিফা বিশ্বকাপ ২০২৬ত স্থান দখল কৰে । প্ৰথমাৰ্ধত চাৰিটা গ’ল দি জাৰ্মানীয়ে খেলখনত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰি মাৰ্চ মাহত শ্লোভাকিয়াক প্লে অফলৈ ঠেলি দিয়ে।
যোৱা দুটা বিশ্বকাপৰ (২০১৮ আৰু ২০২২) প্ৰথম ৰাউণ্ডত বাহিৰ হোৱা চাৰিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে ১৫ পইণ্টেৰে গ্ৰুপত শীৰ্ষস্থান দখল কৰে। ১২ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে শ্লোভাকিয়াই।
জয় বা ড্ৰ’ হ’লে জাৰ্মানীৰ অৰ্হতা নিশ্চিত হ’ব পাৰিলেহেঁতেন যদিও দলটোৱে আৰম্ভণিৰে পৰাই আগ্ৰাসী পন্থা গ্ৰহণ কৰিছিল। ১৮ মিনিটত নিক ৱল্টমেডে দলটোক অগ্ৰগতি প্ৰদান কৰি একেৰাহে তৃতীয়খন মেচত চতুৰ্থটো গ’ল দিয়ে। ইয়াৰ পাছতে ২৯ মিনিটত লিঅ’ন গ’ৰেট্জকাৰ এক উজ্জ্বল পাছৰ পাছত চাৰ্জ গ্নাব্ৰিয়ে গ’ল দি ২-০ গ’লত অগ্ৰগতি লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ