
শিৱসাগৰ, ১৮ নৱেম্বৰ (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত নাজিৰাৰ শিমলুগুৰিত সোমবাৰৰ নিশা শিমলুগুৰি আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ডিমাপুৰৰ পৰা ৰেল যোগে ড্ৰাগছ সৰবৰাহ কৰা বুলি তথ্য় লাভ কৰাৰ পিছত আৰক্ষীৰ অভিযানত ৰেলৰ পৰা এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয়৷
সৰবৰাহকাৰী জনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্ত্তি এটা চাবোনৰ বাকছ , এএছ ০৪ এজে ৪১৩২ পঞ্জীয়ন নম্বৰৰ এখন ৰয়েল এন ফিল্ড মটৰচাইকেল , লগত এটা মবাইল ফোন জব্দ কৰে ৷ সৰবৰাহকাৰী জনৰ নাম নৱ গগৈ ৷ ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষী বৰ্তমান জেৰা চলাই আছে।তেও সৰবৰাহ কৰা ড্ৰাগছ খিনিৰ উতস ক'ত, ড্ৰাগছ সৰবৰাহৰ সৈতে কোন কোন জৰিত এই বিষয়ে অধিক তথ্য় আহৰণৰ বাবে আৰক্ষী জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা