বাক্সা জিলাৰ খাগ্ৰাবাৰী গাঁৱৰ আহতগুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
বাক্সা, ১৭ নৱেম্বৰ (হি.স.)। ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ খাগ্ৰাবাৰী গাঁৱৰ আহতগুৰীত পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ। আহতগুৰীৰ এটি দ খাৱৈত উদ্ধাৰ মৃতদেহটো। বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটোৰ পৰিচয়। পথাৰলৈ আহোতে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দি
বাক্সা জিলাৰ খাগ্ৰাবাৰী গাঁৱৰ আহতগুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ


বাক্সা, ১৭ নৱেম্বৰ (হি.স.)। ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ খাগ্ৰাবাৰী গাঁৱৰ আহতগুৰীত পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ। আহতগুৰীৰ এটি দ খাৱৈত উদ্ধাৰ মৃতদেহটো। বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটোৰ পৰিচয়। পথাৰলৈ আহোতে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে।

ঘটনাস্থলীত বাগানপাৰা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে নলবাৰী চিকিতসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।আৰক্ষী তদন্ত আৰম্ভ কৰিছে। মৰোণত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে ব্যক্তি গৰাকীৰ কিদৰে মৃত্য়ু মুখত পৰিল সেইটো নিশ্চিত কৰিব পৰা হব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande