
বঙাইগাঁও, ১৭ নৱেম্বৰ (হি.স.)।বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত দেওবাৰে নিশা ট্ৰেন্সফৰ্মাৰৰ তেল চুৰি কৰি থকা অৱস্থাত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ব কৰিব সক্ষম হয়।
বিজনী বৈদ্যুতিক উপ- সংমণ্ডলৰ অন্তৰ্গত বিজনী-গেৰুকাবাৰী পথৰ দাঁতিত থকা ট্ৰেন্সফৰ্মাৰ এটাৰ সমীপত চিজি -০৪এলআৰ-৩৫৭৭ নম্বৰৰ ট্ৰাকখন ৰখাই চালক নীতেশ ঢাকৰ(৩৪) আৰু হেণ্ডিমেন চালমান মনচুৰিয়ে(৩২) ট্ৰেন্সফৰ্মাৰটোৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত গেৰুকাবাৰী আৰক্ষী পহৰা চকীৰ টহলদাৰী আৰক্ষীৰ দল এটাই হাতে-লোটে কৰায়ত্ব কৰে।
ইয়াৰে চালকজনৰ ঘৰ মধ্যপ্ৰদেশৰ ভূপালত আৰু হেণ্ডিমেনজন উত্তৰ প্ৰদেশৰ বেৰেলিৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা