
যোৰহাট, ১৭ নৱেম্বৰ (হি.স.)। মৰিয়নিত বৃহৎ পৰিমাণৰ ৰেল বিভাগৰ পৰা চুৰি কৰা লোহা ডেম্পত বেআইনী ভাবে বিক্ৰী কৰা এটা চক্ৰক আটক কৰা হৈছে। গোপন সুত্ৰে লাভ কৰা তথ্য়ৰ ভিত্তিত কালি নিশা গোপাল দাস নামৰ এজন ৰেল বিভাগৰ ঠিকাদাৰৰ কৰ্মচাৰীয়ে বৃহৎ পৰিমাণৰ ৰেলৰ মূল্যবান লোহা মৰিয়নি স্থিত সহদেৱ ডেম্পত বিক্ৰী কৰি থকাৰ অৱস্থাত ৰেল আৰক্ষীয়ে জব্দ কৰে।লগতে জব্দকৃত লোহাৰ সন্দৰ্ভত হাতেলোতে ধৰা পৰা ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষী কৰায়ত্ব কৰা লোক কেইজনক মনোজ কুমাৰ, সঞ্জয় দেৱনাথ,বিকি দেক তিনিচুকীয়া ৰেলৱে আদালতলৈ প্ৰেৰণ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ