
–দ্বিতীয় শ্ৰেণীৰ মৃতিকাৰ ব্ৰঞ্জৰ পদক অৰ্জন
মামু বায়নে দুটাকৈ ৰূপৰ পদকেৰে তেজপুৰলৈ কঢ়িয়ালে সুনাম
শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.)। হাৰিয়ানাৰ কৰ্ণালত যোৱা ১৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ ক্রীড়া প্ৰতিযোগিতাত তেজপুৰৰ এগৰাকী কনমানি শিক্ষাৰ্থীয়ে ব্ৰঞ্জৰ পদকৰ লগতে তেজপুৰৰ এগৰাকী জনপ্ৰিয় যোগ ক্রীড়াৰ সৈতে জড়িত মহিলাই দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখ্য যে ষষ্ঠ যোগাসন ক্ৰীড়া বিশ্বকাপ -২০২৫ ত ভাৰতীয় দলৰ হৈ অংশ গ্ৰহণ কৰি তেজপুৰ ঊষানগৰ নিবাসী সাংবাদিক মেৰুমিঠু কটকী আৰু শিক্ষয়িত্ৰী প্ৰীতি শইকীয়াৰ দুহিতা কনমানি মৃতিকা মেৰু কটকীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।
যোগ ক্রীড়া ফেডাৰেছন অব ইণ্ডিয়াই আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ চাবজুনিয়ৰ শাখাৰ পৰম্পৰাগত যোগ ক্রীড়াৰ একক শিতানত প্ৰতিযোগিতা কৰি এই সুনাম কঢ়িয়াই আনে কনমানি মৃতিকা মেৰুৱে । ভাৰতবৰ্ষকে ধৰি জাপান, ইৰান, থাইলেণ্ড, ভিয়েটনাম, হংকং, ফিনলেণ্ড, ৰাছিয়া আদি কেবাখনো দেশৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা টুৰ্ণামেণ্টত মৃতিকাৰ এই সাফল্যত উৎফুল্ল হৈ পৰিছে তেজপুৰ তথা ৰাজ্যবাসী । তেজপুৰৰ শ'লমৰাস্হিত কেন্দ্ৰীয় বিদ্যালয় -১ ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী মৃতিকা মেৰু কটকীয়ে তেজপুৰৰ যোগ গুৰু মমিতা গগৈৰ তত্বাৱধানত বিগত প্ৰায় এবছৰ ধৰি কঠোৰ পৰিশ্ৰম আৰু অনুশীলন অব্যাহত ৰাখিছে ।
তেজপুৰৰ সকলোৰে পৰিচিত শিক্ষাবিদ অতুল কটকীৰ নাতিনীৰ এই সাফল্যত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, বি জে পিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে ।
ইফালে একে প্ৰতিযোগিতাতে তেজপুৰৰ জনপ্ৰিয় যোগাসন ক্ৰীড়াবিদ মামু বায়নে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।উল্লেখ্য যে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় যোগা ৰেফাৰীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মামু বায়নে ট্ৰেডিচনেল যোগাসন প্ৰতিযোগিতাত এটা আৰু এটা ফ্ৰি ফ্ল' প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ