তামুলপুৰৰ বড়ো জনগোষ্ঠীৰ শিপিনীৰ সফলতা— চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ, ভূটিয়া কাপোৰে বাট মুকলি কৰিলে আত্মনিৰ্ভৰশীলতাৰ
তামুলপুৰ, ১৭ নৱেম্বৰ (হি.স.)। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণতাৰ সমান্তৰালভাৱে ব্যৱসায়িক সম্পৰ্ক তামুলপুৰৰ। তামুলপুৰৰ পৰা ভূটানলৈ কাৰ্টুনে কাৰ্টুনে আমদানী হয় ভূটীয়া বস্ত্ৰ। তামুলপুৰৰ বড়ো জনগোষ্ঠীৰ শিপিনীৰ সফলতা— চুবুৰীয়া ৰাষ্ট্ৰ ভ
তামুলপুৰৰ বড়ো জনগোষ্ঠীৰ শিপিনীৰ সফলতা— চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ, ভূটিয়া কাপোৰে বাট মুকলি কৰিলে আত্মনিৰ্ভৰশীলতাৰ


তামুলপুৰ, ১৭ নৱেম্বৰ (হি.স.)। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণতাৰ সমান্তৰালভাৱে ব্যৱসায়িক সম্পৰ্ক তামুলপুৰৰ। তামুলপুৰৰ পৰা ভূটানলৈ কাৰ্টুনে কাৰ্টুনে আমদানী হয় ভূটীয়া বস্ত্ৰ।

তামুলপুৰৰ বড়ো জনগোষ্ঠীৰ শিপিনীৰ সফলতা— চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ, ভূটিয়া কাপোৰে বাট মুকলি কৰিলে আত্মনিৰ্ভৰশীলতাৰ। তামুলপুৰ জিলাৰ অন্তৰ্গত কলবাৰী, গেৰুৱা, আনন্দবাজাৰ, কাদোংঙা, জামুগুৰি, ফুহুৰাবাৰী, চেংমাৰী, বেলবাৰী, ঝাৰকোণা, পলোকাটা, দৰঙামেলা, শশীপুৰ আদি অঞ্চলত বিগত ১২ বছৰ ধৰি এক নীৰৱ শিল্প বিপ্লৱ ঠন ধৰি উঠিছে। বড়ো জনগোষ্ঠীৰ বহু সংখ্যক মহিলা শিপিনীয়ে ভূটানৰ ভূটিয়া সকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় অৰ্থনীতি আৰু সামাজিক সংস্থাপনৰ ক্ষেত্ৰতো এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ, ভূটিয়া সকলৰ বহুলভাৱে প্ৰচলিত পৰম্পৰাগত বস্ত্ৰ ক্ৰমে— জামা, চেঠা, আদা, জাজিমা, হাফখিৰা, পাঞ্চী, বাখু, তুদুমহাত আদি বয়ন শিল্পৰে শিপিনী সকলে প্ৰস্তুত কৰি ভূটানৰ লোক সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঘৰৰ কোণতেই স্থাপন কৰা এই বয়ন শালসমূহে এতিয়া বহু পৰিয়ালৰ আয়ৰ মূল উৎস হিচাপে পৰিগণিত হৈছে।

স্থানীয় শিপিনীৰ মতে, প্ৰথমে নিজ হাতে সুতা কাতি, বয়, গুঠি উলিওৱা এই কলাত পূৰ্ণ একাগ্ৰতাৰ লগতে ধৈৰ্য্য আৰু যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমান সজাগতা, দক্ষতা আৰু বজাৰ চাহিদাৰ সৈতে বহু শিপিনী জেকাৰ্ট আদি মেচিনৰ সহায়ত উচ্চ দক্ষ বয়নকাৰী হিচাপে চিহ্নিত হৈছে। তদুপৰি, এই উদ্যোগে অঞ্চলটোৰ বিভিন্ন মহিলাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে অন্য বহু মহিলাকো এই শিল্পৰ সৈতে জড়িত হবলৈ প্ৰেৰণা যোগাইছে।

উল্লেখ্য যে তামুলপুৰৰ কলবাৰী গাঁৱৰ বয়নশিল্পী নেহা স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া অনুসৰি বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত ভাবে পৰিধান কৰা দখনাতকৈ কম দিনতে এই ভূটিয়া কাপোৰ প্ৰস্তুত কৰি অধিক লাভাম্বিত হব পাৰি। লগতে তেওঁ ভূটিয়া কাপোৰ প্ৰস্তুত কৰিয়ে নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে বুলিও সদৰি কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande