
বিশ্বনাথ, ১৭ নৱেম্বৰ (হি.স.)। বিশ্বনাথ , শোণিতপুৰবাসী পাতৰ ৰাইজৰ সহযোগত লগতে তেজপুৰ আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হব বিশ্বনাথ জিলা পাতৰ সমাজৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিবেশন ৷ অহা ৬ আৰু ৭ ডিচেম্বৰ তাৰিখে শোণিতপুৰৰ বিন্দুকুৰিস্থিত শ্বহীদ মাংৰী ওৰাং সামূহিক ভৱনত বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হব অধিবেশনখনি ৷ সেয়েহে অধিবেশনখনৰ লগত সংগতি ৰাখি কালি ভেলৌগুৰি খেলপথাৰত আয়োজন কৰা হয় জিলা ভিক্তিত ক্ৰীড়া প্ৰতিযোগিতা ৷
সেই উদ্দেশ্যে আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাত পাতৰ সমাজৰ পতাকা উত্তোলন কৰে জিলা সভাপতি হৰুৰাম পাতৰে ৷ ইয়াৰ পাছতে বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা সমাজকৰ্মী প্ৰতীম পানতাঁতিয়ে খেলখনৰ শুভ উদ্ধোধন কৰে ৷ উদ্ধোধনী ভাষণত খেল -ধেমালী প্ৰয়োজনীয়তাৰ সম্পৰ্কে মন্তব্য আগবঢ়োৱাৰ লগতে পাতৰ সমাজে লোৱা এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰাৰ লগতে প্ৰতিযোগী সকললৈ আগবাঢ়ি যোৱাৰ শুভেচ্ছা জ্ঞাপন কৰে পানতাঁতিয়ে ৷ প্ৰতিযোগিতামুলকভাবে অনুষ্ঠিত হোৱা খেল প্ৰতিযোগিতাত উত্তৰ চতিয়া গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰশ্মি পুৰাণ , শিক্ষক মংগলসিং ভুমিজ , হৰেণ পাতৰ , ৰবীন্দ্ৰ পাতৰৰ উপৰিও বিশ্বনাথ জিলা চাহ মৰ্চাৰ সভাপতি লাচিত পাতৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ প্ৰতিযোগিতামুলক খেলত বিশ্বনাথ , চতিয়া আৰু শোণিতপুৰ আঞ্চলিকৰ তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰী , যুৱক- যুৱতী সকলে অংশগ্ৰহণ কৰে ৷ খেলখনৰ বিভিন্ন দিশসমুহ পৰ্যাবেক্ষণ কৰাৰ লগতে কাৰ্যসুচীসমুহ পৰিছালনা কৰে বিশ্বনাথ জিলা পাতৰ সমাজৰ সম্পাদক কৃষ্ণ পাতৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ