অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাবলৈ লংকাৰ যুৱকৰ জুবিন সমাধিক্ষেত্ৰলৈ বুলি দৌৰ
হোজাই ১৭ নৱেম্বৰ (হি.স.)।অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাবলৈ লংকাৰ যুৱকৰ জুবিন সমাধিক্ষেত্ৰলৈ বুলি দৌৰ ।প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন আজি ৫৯ দিন হ''লহি। অহা কালি প্ৰাণৰ শিল্পীগৰাকী বিহীন ১৮ নবেম্বৰত প্ৰথমটো জন্মদিন।শুভ জ
অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাবলৈ লংকাৰ যুৱকৰ জুবিন সমাধিক্ষেত্ৰলৈ বুলি দৌৰ


হোজাই ১৭ নৱেম্বৰ (হি.স.)।অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাবলৈ লংকাৰ যুৱকৰ জুবিন সমাধিক্ষেত্ৰলৈ বুলি দৌৰ ।প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন আজি ৫৯ দিন হ'লহি। অহা কালি প্ৰাণৰ শিল্পীগৰাকী বিহীন ১৮ নবেম্বৰত প্ৰথমটো জন্মদিন।শুভ জন্মদিনটোত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এক ব্যতিক্ৰমী পদক্ষেপেৰে লংকাৰ ১ নং কাকীৰ যুৱক তথা এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক নিৰঞ্জন শইকীয়া(ৰংমন)য়ে সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰলৈ বুলি দৌৰৰে যাত্ৰা আৰম্ভ কৰিছে।

একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ন্যায়ৰ দাবীৰে এই দৌৰ যাত্ৰা। পুৱা ১০ বজাত ১ নং কাকী চাৰিআলিৰ মাজমজিয়াৰ পৰা অসংখ্যজনৰ শুভেচ্ছা বুকুত লৈ নিৰঞ্জন শইকীয়া আজি যাত্ৰা আৰম্ভ কৰে। যাত্ৰাৰ ফ্লেগ অফ কৰে হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুনটি বৰা ভাগৱতীয়ে। জুবিনৰ অনুৰাগী যুৱকজনে ১৫৯ কিলোমিটাৰ দৌৰি অতিক্ৰম কৰি অহাকালি ১৮ নৱেম্বৰৰ পুৱা জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande