
বৰপেটা, ১৭ নৱেম্বৰ (হি.স.)। বৰপেটা জিলাৰ জনীয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত ১৭ নৱেম্বৰত শ্ৰমিক কৃষকৰ বিভিন্ন দাবীত আন্দোলন ৰূপায়ন কৰা হয়। জৱকাৰ্ডধাৰী সকলক এশ দিনৰ কাম দিয়ক অন্যথা বেকাৰ ভাট্ৰা দিয়ক, জৱকাৰ্ড বনোৱাৰ নামত দূৰ্নীতি বন্ধ কৰক, গৰীৱ মানুহক বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন দিয়াৰ ব্যৱস্থা কৰক, জৱকাৰ্ডধাৰী শ্ৰমিকৰ মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰক আদি দাবীৰে কাদং গাওঁ পঞ্চায়ত কাৰ্যালয় প্ৰাংগন উত্তাল কৰি তোলে ।
অন্তত প্ৰতিবাদী সকলে কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ