
মানকাচৰ, ১৭ নৱেম্বৰ (হি.স.)। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আজি হাটশিঙিমাৰী মহাবিদ্যালয় চৌহদত ৫৩ ডাল নাহৰ গছ পুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰে।
ইয়াৰ উপৰিও জিলা খনৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আব্দুৰ ৰেজ্জাক সেখে জানিবলৈ দিয়ে। অসমৰ সম্পদ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাৰ মাজত যিবিলাক ক'লা কৃষ্টি ৰাখি থৈ গ'ল এই বিলাক আমি চিৰদিনৰ বাবে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু সাধাৰণ ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলে যাতে জুবিন গাৰ্গে ভাল পোৱা নাহৰ গছ পুলি ৰোপন কৰে তাৰ বাবে তেখেতে সকলোকে আহ্বান জনায়।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰদিনৰ বাবে ৰাখিবলৈ সকলোৱে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ