
তিনিচুকিয়া, ১৭ নৱেম্বৰ (হি.স.)। ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰতীয় তেল নিগম(আইঅচি) জেনেৰেল কাৰ্যালয়ৰ সন্মূখত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰ আৰু বুলেটৰ মাজত মূখামূখি সংঘৰ্ষৰ সৃষ্টি হয়। দূৰ্ঘটনাত থিতাতে নিহত বুলেটৰ আৰোহী গৰাকী । নিহত লোক জনক অৰুণাচল ৰইংৰ নিবাসী অকেন ডাৰিন বুলি জানিব পৰা গৈছে ।
দূৰ্ঘটনাত পতিত বুলেট খনৰ নম্বৰ ক্ৰমে এআৰ ১১এ ৫৯৩৯ আৰু ডাম্পাৰ খনৰ নম্বৰ এএছ ২৩ চিচি ৫৪৫৫। ঘটনা স্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যহত ৰাখে ।নিহত লোক জনক পিছত তিনিচুকিয়া চিকিতসালয়ত মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ সদস্যক মৃতদেহটো হস্তান্তৰ কৰা হয়। উক্ত ব্য়স্ত পথটোত ইয়াৰ পুৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু