মিৰ্জাত ৰেলৰ খুণ্ডাত থিতাতে নিহত এজন লোক
কামৰূপ, ১৭ নৱেম্বৰ (হি.স.)। মিৰ্জা ৰেল ষ্টেচনৰ ৰেল গেটৰ সমীপত ৰেলৰ খুণ্ডাত থিতাতে নিহত বাগান, পাটগাঁওৰ প্ৰায় ৬০ বছৰীয়া মনেশ্বৰ ৰাভা নামৰ এজন লোক। পুৱা প্ৰায় ৮ বাজি ৩০ মিনিটত সংঘটিত হয় উক্ত শোকাবহ দুৰ্ঘটনাটো। উল্লেখযোগ্য যে মনেশ্বৰ ৰাভা আছিল মিৰ্জা
মিৰ্জাত ৰেলৰ খুণ্ডাত থিতাতে নিহত এজন লোক


কামৰূপ, ১৭ নৱেম্বৰ (হি.স.)। মিৰ্জা ৰেল ষ্টেচনৰ ৰেল গেটৰ সমীপত ৰেলৰ খুণ্ডাত থিতাতে নিহত বাগান, পাটগাঁওৰ প্ৰায় ৬০ বছৰীয়া মনেশ্বৰ ৰাভা নামৰ এজন লোক। পুৱা প্ৰায় ৮ বাজি ৩০ মিনিটত সংঘটিত হয় উক্ত শোকাবহ দুৰ্ঘটনাটো। উল্লেখযোগ্য যে মনেশ্বৰ ৰাভা আছিল মিৰ্জা মনিয়েৰিৰ চীলপাট কোম্পানীত কৰ্মৰত ।

বন্ধুৰ সৈতে স্কুটিৰে আহিছিল নিজ কৰ্মস্থানলৈ বুলি । মিৰ্জা ৰেল ষ্টেচনৰ সমীপত ৰেল গেট বন্ধ হোৱাত মনেশ্বৰ ৰাভাই স্কুটিৰ পৰা নামি খোজ কাঢ়ি ৰেল লাইন পাৰ হব খুজিছিল। তেনে সময়তে দুয়ো ফালৰ পৰা আহিছিল দুখনকৈ ট্ৰেইন। এখন ট্ৰেইনৰ খুণ্ডাত ছিটিকি গৈ থিতাতে নিহত হয় বাগান পাতগাওৰ মনেশ্বৰ ৰাভা নামৰ লোকজনৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande