
তিনিচুকীয়া, ১৭ নৱেম্বৰ (হি.স.)। ডিগবৈ টাই আহোম যুৱ পৰিষদে দুই বিশিষ্ট ক্ৰীড়াবিদ ক সম্বৰ্ধনা জনায়।
তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হোৱা এছিয়া মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপত শ্বটপুট সোনৰ পদক লাভ কৰাৰ পবিত্ৰ ভূঞা আৰু আজাৰবাইজানৰ বাকুত অনুষ্ঠিত হোৱা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত দুটা ব্ৰঞ্জ পদক লাভ কৰা যোগেন পাটোৱাৰীক ঘৰলৈ গৈ সংগঠনটোৱে সম্বৰ্ধনা জনায়।
সংগঠনটোৰ সভাপতি বিতোপন লাহন, সম্পাদক বিকাশ গগৈ, সাংগঠনিক সম্পাদক মন্দিপ ফুকন সহ কেইবাজনো নেতা কৰ্মী গৈ সম্বৰ্ধনা জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু