মৰিগাঁও হাবি-বৰঙাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, যুৱতীৰ মৃত্যু
মৰিগাঁও, ১৭ নৱেম্বৰ (হি.স.)। মৰিগাঁও হাবি-বৰঙাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী বিবাহিত যুৱতী। মৃত যুৱতী গৰাকীৰ বয়স প্ৰায় ২৫ বছৰ বুলি জানিব পৰা গৈছে। ৰাজ্যত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ডাম্পাৰৰ দৌৰাত
মৰিগাঁও হাবি-বৰঙাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।


মৰিগাঁও, ১৭ নৱেম্বৰ (হি.স.)। মৰিগাঁও হাবি-বৰঙাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী বিবাহিত যুৱতী। মৃত যুৱতী গৰাকীৰ বয়স প্ৰায় ২৫ বছৰ বুলি জানিব পৰা গৈছে।

ৰাজ্যত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ডাম্পাৰৰ দৌৰাত্ম্য। ঘটনাৰ বিৱৰণী অনুসৰি যুৱতীগৰাকীয়ে নিজৰ এ এছ ২১ এফ ৬০৬৮ স্কুটিৰে গৈ আছিল যদিও সন্মুখৰ পৰা তীব্ৰবেগে অহা এ এছ ০১ পি চি ৩৩২৫ নম্বৰৰ ডাম্পাৰখনে খুন্দা মাৰাৰ ফলত থিতাতে নিহত হয় বিবাহিত যুৱতীগৰাকী। থিতাতে নিহত হোৱা যুৱতী গৰাকী হাবিবৰঙাবাৰী টিনা দেৱী বুলি জানিব পৰা গৈছে। মৃত টিনা দেৱীৰ ঘৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানা অন্তৰ্গত হাবিবৰঙাবাৰীত বুলি জানিব পৰা গৈছে। ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিবাহিত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande