বাক্সাৰ বাগানপাৰাত অহা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হব আছুৰ কেন্দ্ৰীয় শিল্পী দিৱস
বাক্সা, ১৭ নৱেম্বৰ (হি.স.)। বাক্সাৰ বাগানপাৰাত অহা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হব আছুৰ কেন্দ্ৰীয় শিল্পী দিৱস। এই অধিবেশনৰ বাবে আদৰনি সমিতি খন ৰবি বাৰে বাগানপাৰা ডিগ্ৰী কলেজত অনুষ্ঠিত সভাত গঠন কৰা হয়। বাক্সা জিলা আছুৰ সভস্পতি জুবিন দাসৰ সভাপতিত্ব
বাক্সাৰ বাগানপাৰাত অহা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হব আছুৰ কেন্দ্ৰীয় শিল্পী দিৱস


বাক্সা, ১৭ নৱেম্বৰ (হি.স.)। বাক্সাৰ বাগানপাৰাত অহা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হব আছুৰ কেন্দ্ৰীয় শিল্পী দিৱস। এই অধিবেশনৰ বাবে আদৰনি সমিতি খন ৰবি বাৰে বাগানপাৰা ডিগ্ৰী কলেজত অনুষ্ঠিত সভাত গঠন কৰা হয়।

বাক্সা জিলা আছুৰ সভস্পতি জুবিন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম লোক সেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়,প্ৰ্ক্তন এম চি এল এ তথা বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে কেবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ ,শিক্ষক শিক্ষয়িত্ৰী ,প্ৰাক্তন আছু কৰ্মী ,বিভিন্ন সংগঠনৰ বিষয় ববীয়া, লগতে জিলা খনৰ সাহিত্য সংস্কৃতি লোকে অংশ গ্ৰহণ কৰা সভাত আদৰণি সমিতি খন গঠন কৰা হয়। মুল আদৰণি সমিতিৰ সভাপতি হিচাবে দায়ত্ব আৰ্পণ কৰা হয় অসম লোক সেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায় আৰু সাধাৰন সম্পাদক হিচাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কংকণ জ্যোতি শৰ্মাক।ইপিনি স্মৃতি গ্ৰ্ন্থ ,সাংস্কৃতিক ,সাহিত্য,প্ৰ্চাৰ বিভাগকে ধৰি কেবাখনো উপসমিতি গঠণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande