কাছাৰৰ দিগৰখালত ভয়ংকৰ মৰেল পুলিচিংৰ ঘটনা
কাছাৰ, ১৭ নৱেম্বৰ (হি.স.)। কাছাৰৰ দিগৰখালত ভয়ংকৰ মৰেল পুলিচিংৰ ঘটনা । তেল চুৰিৰ অভিযোগত হাত ভৰি বান্ধি যুবকক নিৰ্মম অত্যাচাৰ । অভিযোগ মতে, যুবক জনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা তেল টেংকাৰ বাহনৰ পৰা কালি নিশা তেল চুৰি কৰি আছিলে। সেই সময়ত একাংশ ট্ৰ
কাছাৰৰ দিগৰখালত ভয়ংকৰ মৰেল পুলিচিংৰ ঘটনা


কাছাৰ, ১৭ নৱেম্বৰ (হি.স.)। কাছাৰৰ দিগৰখালত ভয়ংকৰ মৰেল পুলিচিংৰ ঘটনা । তেল চুৰিৰ অভিযোগত হাত ভৰি বান্ধি যুবকক নিৰ্মম অত্যাচাৰ । অভিযোগ মতে, যুবক জনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা তেল টেংকাৰ বাহনৰ পৰা কালি নিশা তেল চুৰি কৰি আছিলে।

সেই সময়ত একাংশ ট্ৰাক চালকে ঘটনা প্ৰত্যক্ষ কৰি যুবক জনক আটক কৰে। আৰু ইয়াৰ পাছত নিজে আইন হাতত তুলি যুবকজনক মাৰপাটি আৰম্ভ কৰে। আনকি যুবকজনৰ হাত ভৰি বান্ধি নিৰ্মম অত্যাচাৰ চলায় উপস্থিত মৰেল পুলিচৰ দলে। ঘটনাৰ পাছত আৰক্ষী উপস্থিত হৈ যুবক জনক উদ্ধাৰ কৰি লৈ যায়। ইপিনে মৰেল পুলিচিং এই ভিডিও ভাইৰেল হোৱাৰ পাছত অঞ্চলটোত যথেষ্ট প্ৰতিক্ৰিয়াক সৃষ্টি হৈছে। আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ দাবী জনাইছে স্থানীয সচেতন ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande