তিনিচুকীয়াত জম্মু-কাশ্মীৰৰ পৰা অহা ৪৪ গৰাকী সন্দেহজনক লোকক আৱদ্ধ স্থানীয় লোকৰ
তিনিচুকিয়া, ১৭ নৱেম্বৰ (হি.স.)। তিনিচুকীয়াত জম্মু-কাশ্মীৰৰ পৰা অহা ৪৪ গৰাকী সন্দেহজনক ব্য়ক্তিক স্থানীয় লোকে সন্দেহবসত আৱদ্ধ কৰে । হিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনৰ সমীপত আৱদ্ধ কৰে স্থানীয় লোকে । উক্ত লোক কেইজন অমৃতশ্বৰ ৰে’লৰ জৰিয়তে জন্
তিনিচুকীয়াত জম্মু-কাশ্মীৰৰ পৰা অহা ৪৪ গৰাকী সন্দেহজনক লোকক আৱদ্ধ স্থানীয় লোকৰ


তিনিচুকিয়া, ১৭ নৱেম্বৰ (হি.স.)। তিনিচুকীয়াত জম্মু-কাশ্মীৰৰ পৰা অহা ৪৪ গৰাকী সন্দেহজনক ব্য়ক্তিক স্থানীয় লোকে সন্দেহবসত আৱদ্ধ কৰে । হিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনৰ সমীপত আৱদ্ধ কৰে স্থানীয় লোকে । উক্ত লোক কেইজন অমৃতশ্বৰ ৰে’লৰ জৰিয়তে জন্মু-কাশ্মীৰৰ পৰা আহিছিল বুলি সদৰি কৰে ।

লোক কেইজনৰ একাংশই বৈদ্যুতিক টাৱাৰৰ কাম কৰিবলৈ ৰয়িং আৰু একাংশই ডিব্ৰুগড়লৈ যাব বুলি বুলি উল্লেখ কৰে। স্থানীয় লোকসকলে উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষীৰ লগতে ৰে’ল আৰক্ষীক অৱগত কৰিছে।জম্মু কাশ্মীৰত শেহতীয়া ভাবে পুনৰ বিচ্ছিন্নতাবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিপ্তত স্থানীয় লোক সকলে জম্মু-কাশ্মীৰৰ পৰা অহা অচিনাক্ত ব্যক্তিসকলক প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande