বৰপেটাৰ ২ নং চাউলখোৱা নদীত বিহ দি মাছ নিধন
বৰপেটা, ১৭ নৱেম্বৰ (হি.স.)। বৰপেটাৰ খৰুৱাপাৰাৰ ২ নং চাউলখোৱা নদীত বিহ দি মাছ নিধন । বিহ দিয়াৰ ফলত কেইবা লাখ টকাৰ মাছ নিধন হয় । কালি নিশা জনৈক মিৰেল নামৰ এগৰাকী ব্যক্তিয়ে নদীত বিহ দিয়াৰ অভিযোগ। নদীৰ পৰা মেচিনৰ সহায়ত বালি কঢ়িওৱাত মিৰেলক বাধা প্ৰদা
বৰপেটাৰ ২ নং চাউলখোৱা নদীত বিহ দি মাছ নিধন


বৰপেটা, ১৭ নৱেম্বৰ (হি.স.)। বৰপেটাৰ খৰুৱাপাৰাৰ ২ নং চাউলখোৱা নদীত বিহ দি মাছ নিধন । বিহ দিয়াৰ ফলত কেইবা লাখ টকাৰ মাছ নিধন হয় । কালি নিশা জনৈক মিৰেল নামৰ এগৰাকী ব্যক্তিয়ে নদীত বিহ দিয়াৰ অভিযোগ। নদীৰ পৰা মেচিনৰ সহায়ত বালি কঢ়িওৱাত মিৰেলক বাধা প্ৰদান কৰা বাবে নিশা এই দূস্কাৰ্য কৰাৰ সন্দেহ মৎস পালক সকলৰ। কমন, আৰি, ৰৌ, বৰালি, ভকুৱা, কাৱৈ, পুঠি, গৰৈ মাছকে ধৰি বিভিন্ন জাতৰ মাছ নিধন। ফলত মূৰে কপালে হাত দিছে মৎস পালক চানবৰ আলী ।ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষীক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে ভূক্তভোগীয়ে। ক্ষতিগ্ৰস্ত মৎস পালকক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande