
নগাঁও, ১৭ নৱেম্বৰ (হি.স.)। নগাঁৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ভাস্কৰ্য শিল্প উদ্ধোধন। নগাঁও চহৰৰ ফৌজদাৰীপট্টী কাঠমিল চাৰিআলিত কাঠমিল ব্ৰাদাৰ্ছৰ আদৰণিয় পদক্ষেপ।
শিল্পী গণেশ বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা জুবিন গাৰ্গৰ ভাস্কৰ্য শিল্প উদ্বোধন কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত নিৰ্মাণ কৰা ভাস্কৰ্য শিল্প নগাঁৱত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। নগাঁও চহৰৰ কাঠমিল চাৰিআলিত থকা জিৰণি চ'ৰা সমিপত এনেদৰে কাঠ মিল ব্ৰাডাৰ্ছৰ উদ্যোগত গঢ়ি তুলা হয় এক সুন্দৰ পৰিবেশ। ভাস্কৰ্য শিল্পী গণেশ বৰায়ে সাজি উলিওৱা জুবিন গাৰ্গৰ ভাস্কৰ্য উদ্ধোধন কৰে নগাঁও বটদ্ৰবা বিধান সভা সমিষ্টৰ বিধায়ক ৰূপক শৰ্মাই।লগতে জিৰণি চ'ৰাৰ কাষতে নাহৰ পুলি ৰোপণ কৰি শান্তিৰ প্ৰতিক কেইবাটাও পাৰ চৰাই মুকলি কৰি দিয়ে অনুষ্ঠানটোত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু