
শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত হাতী মানুহৰ সংঘাট অব্যাহত ৷ সন্ধিয়া হোৱাৰ লগে লগে বন্যহস্তীৰ বৃহৎ জাকে অতিক্ৰম কৰে পথটো ৷
শোনিতপুৰৰ ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ ৰঙাপৰাত বিচৰন কৰিছে বন্যহস্তীৰ কেইবাটাও বৃহৎ জাক ৷ দিনৰ ভাগত বাগিচা অঞ্চলত বিচৰন কৰি থকা বন্যহস্তীৰ জাক সমূহ সন্ধিয়া হোৱাৰ লগে লগে ওলাই আহে জনবসতিপূৰ্ণ অঞ্চল সমুহলৈ ৷
কাৰণ সন্ধিয়া হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক সমুহে পথ আতিক্ৰম কৰে ৷ ৰঙাপৰা-বিন্দুকুৰি সংযোগী পথৰ চেঁচা চাহ বাগিচাৰ সন্মুখৰ৷ বন্যহস্তীৰ জাকে অতিক্ৰম কৰিছে পথ ৷ কণ কণ হাতীৰ পোৱালী লগত লৈ বন্যহস্তীৰ জাক অতিক্ৰম কৰিছে পথ ৷ বন্যহস্তীৰ জাকটো অতিক্ৰম কৰা সময়ত পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰিছে শ শ যানবাহন ৷ প্ৰতিদিনে বন্যহস্তীৰ জাক এনেদৰে অতিক্ৰম কৰে পথ ৷ যদি আপুনি সাৱধান ন’হয় যিকোনো সময়ত বন্যহস্তীৰ আক্ৰমণত আপোনাৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ব পাৰে ৷ বন বিভাগে বন্যহস্তীৰ জাক সমূহ পুণৰ বনাঞ্চললৈ খেদি পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু