
কোকৰাঝাৰ, ১৭ নৱেম্বৰ (হি.স.)। ফকিৰাগ্ৰামৰ ময়নাৰতলত বাওখুংগ্ৰী সমষ্টি ভিত্তিত স্বাস্থ্য মেলা অনুষ্ঠিত । কোকৰাঝাৰ জিলাৰ অধিনৰ ফকিৰাগ্ৰাম ময়নাৰ তলত থকা মডেল হস্পিতালত আজি বাওখুংগ্ৰী সমষ্টি ভিত্তিত স্বাস্থ্য মেলা অনুষ্ঠিত কৰে । উক্ত স্বাস্থ্য মেলাৰ মূল দুৱাৰৰ ৰঙাফিতা কাটি শুভ উদ্বোধন কৰে বিটিছিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কাৰ্যবাহী পৰিষদ দেৰহাসাৎ বসুমতাৰীয়ে ।
ইয়াৰ পিছত অনুষ্ঠিত হয় এক মুকলি সভা উক্ত মুকলি সভাত ইএম জনৰ লগতে উপস্থিত থাকে ফকিৰাগ্ৰাম সমষ্টিৰ এমছিএল এ এজামূল হকৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে । স্বাস্থ্য মেলাত অঞ্চলটোৰ অগনন লোকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু