
শিৱসাগৰ, ১৭ নৱেম্বৰ (হি.স.)। শিৱসাগৰৰ এ টি ৰো'ডত আজি পুৱা অগ্নিকাণ্ড ৷এ টি ৰোডৰ স্কাই চেফ হোটেলৰ সন্মুখৰ ২ নং বালিকা বিদ্যালয়ৰ সমীপত এই অগ্নিকাণ্ড ৷বিদ্যালয়খনলৈ শিক্ষাৰ্থী অহাৰ সময়তেই পথৰ কাষত থকা গছত লাগে জুই ৷
বিদ্যুত পৰিবাহী তাঁৰ গছৰ সংস্পৰ্শলৈ অহাৰ পিছতেই সংঘটিত হয় অগ্নিকাণ্ড ৷ ঘটনাৰ খবৰ পায়েই উপস্থিত হোৱা ৰাজ্যিক অগ্নিনিৰ্বাপক বাহনে নিয়ন্ত্ৰণ কৰে জুই ৷বিদ্যুত বিভাগে সময়মতে তাঁৰৰ ওপৰত থকা গছ সমুহ চাফাই নকৰাৰ বাবেই এই অগ্নিকাণ্ড ৷ইতিমধ্যে বিদ্যুত বিভাগৰ দলে অগ্নিকাণ্ডৰ পিছতেই সেই স্থানৰ গছৰ ডাল সমুহ চাফা কৰাৰ কামত নামি পৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ