
নগাঁও, ১৭ নৱেম্বৰ (হি.স.)। নগাঁও জিলাৰ বিভিন্ন বেদখলীকৃত চৰকাৰী ভূমিত শীঘ্ৰে চলিব উচ্ছেদ অভিযান৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই৷ উল্লেখ্য যে নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি তথা সংৰক্ষিত বনাঞ্চল একাংশ লোকে বেদখল কৰি স্থায়ীভাৱে বসবাস কৰাৰ লগতে খেতি পথাৰ কৰি আছে৷ এই চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ নগাঁও জিলা প্ৰশাসনে ছেপ্টেম্বৰ মাহতে বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল৷
সেই জাননী পোৱাৰ পিচতে একাংশ বেদখলকাৰীয়ে নিজে নিজে ঘৰ দুৱাৰ ভাঙি নিছিল যদিও একাংশ বেদখলকাৰীয়ে ফচল চপোৱা আজুহাত দেখুৱাই কিছু সময় বিচাৰিছিল৷ মানৱীয় দৃষ্টিভংগীৰে নগাঁও জিলা প্ৰশাসনেও সেইসকলক তিনি মাহৰ সময় দিছিল৷ কিন্তু সময় ওকলাৰ পিচতো একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি বেদখল মুক্ত কৰা নাই৷ তেনে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন আৰু শীঘ্ৰেই এই চৰকাৰী ভূমি বেদখলকাৰীৰ ঘৰত চলিব উচ্ছেদ অভিযান৷ তাৰ মাজতো সহানুভূতি দেখুৱাই নগাঁও জিলা প্ৰশাসনে জেচিবি, এস্কেভেটৰ চলাই হুলস্থূলীয়া পৰিবেশ সৃষ্টি হোৱাৰ আগতেই বেদখলকাৰীক চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ পুনৰবাৰ আহ্বান জনাইছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ