
গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.)। অহা ১৭ ৰ পৰা ২০ নৱেম্বৰত ছুইজাৰলেণ্ডত বিশ্ব স্বাস্থ্য সংস্হাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ধঁপাত নিয়ন্ত্ৰণ সম্পৰ্কীয় আলোচনা চক্ৰত সমগ্ৰ দক্ষিণ এছিয়াৰ হৈ ভাৰতবৰ্ষৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে গোলাঘাটৰ মক্ৰং পঞ্চায়তৰ লোণপুৰীয়া গাঁৱৰ নিবাসী তথা বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰ্মল ৰাজখোৱা আৰু কৃষ্ণা ৰাজখোৱাৰ পুত্ৰ ড° প্ৰিয়ব্ৰত ৰাজখোৱাই৷
বিশ্ব স্বাস্থ্য সংস্হাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ধঁপাত নিয়ন্ত্ৰণ সম্পৰ্কীয় এই আলোচনাচক্ৰত মুঠ ১৮৩ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ এই আলোচনা চক্ৰত ভাৰতৰ ড° প্ৰিয়ব্ৰত ৰাজখোৱাই নিজৰ বক্তব্য আগবঢ়াব৷ ড° প্ৰিয়ব্ৰত ৰাজখোৱা বৰ্তমান প’ষ্ট ডক্টৰেল ৰিছাৰ্চাৰ হিচাপে নেশ্যনেল ইনষ্টিটিউটত ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্চ গ্ৰাণ্টত কৰ্মৰত হৈ আছে৷ এই খবৰে সচেতন মহলক উৎফুল্লিত কৰি তুলিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা