
কোকৰাঝাৰ, ১৭ নৱেম্বৰ (হি.স.)।আজিৰ ছাত্র-ছাত্ৰী হৈছে আমাৰ ভবিষ্যতৰ মানৱ সম্পদ। প্ৰতিগৰাকী শিশুৰ জন্মগত শক্তি আৰু দুৰ্বলতাৰ বোৰৰ বিষয়ে গভীৰ তথ্য পোৱাৰ একমাত্ৰ মাধ্যম হৈছে ডাৰ্মাটোগ্লোভিক্স মালটিপল ইনটেলিজেঞ্চ টেষ্ট (ডিএমআইটি) । এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি বি টি চিৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰী সকলৰ মাজত ডিএমআইটি পৰীক্ষা কৰি আহিছে আৰআৰআৰ (ট্ৰিপুল আৰ) কমিটিয়ে।
আজি কোকৰাঝাৰ কডমতোলাস্থিত ব্ৰহ্ম বাবা টেক্ন' স্কুল ত ছাত্র-ছাত্ৰী সকলৰ মাজত কৰা হয় ডিএমআইটি পৰীক্ষা। আধুনিক আৰু সকলো সুবিধা থকা শিক্ষানুষ্ঠানত প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ কৰা হয় ডিএমআইটি পৰীক্ষা। অহা দহ দিনৰ ভিতৰত লাভ কৰিব ডিএমআইটি পৰীক্ষাৰ ফলাফল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা