
নগাঁও, ১৭ নৱেম্বৰ (হি.স.)। বাৰপূজীয়া পি ঝংকাৰ ডান্স এণ্ড আৰ্ট ষ্টুডিঅ আজি শুভ উদ্বোধন হৈ যায় ৷উক্ত অনুষ্ঠানৰ প্ৰথমে বন্তি প্ৰজ্বলন কৰি হিয়াৰ আমঠু জুবিন গাৰ্গ ৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই পুষ্পাঞ্জলি অৰ্পণ কৰি সকলোৱে এক মিনিট মৌন প্ৰাৰ্থনা জনাই মায়াবিনী গীত পৰিৱেশন কৰা হয় ৷ উক্ত অনুষ্ঠান টিৰ শুভ উদ্বোধন কৰে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈয়ে ৷
ইয়াৰ লগতে বহু কেইজন অতিথি উপস্থিত থাকে ৷আজি অনুষ্ঠান টিত শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিজয়ী সকলৰ পুৰষ্কাৰ প্ৰদান কৰা লগতে অংশগ্ৰহণ কাৰী সকলক প্ৰসংশা পত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠান টিৰ প্ৰশিক্ষক পুলক দাসে জানিব দিয়া অনুসৰি তেওঁলোকৰ ফালৰ পৰা নতুন কৈ নামভৰ্তি ছাত্ৰ ছাত্ৰীৰ নৱেম্বৰ মাহৰ মাচুল সম্পূৰ্ণ ৰেহাই কৰিব বুলি উল্লেখ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ