নেপালৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অৱমাননা আৱেদন দাখিল
কাঠমাণ্ডু, ১৭ নৱেম্বৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদূতক পুনৰ আহ্বান কৰাৰ সিদ্ধান্তক যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ দিয়া নিৰ্দেশ মানি নচলাৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ আবেদন দাখি
नेपाल की अंतरिम प्रधानमंत्री सुशीला कार्की


কাঠমাণ্ডু, ১৭ নৱেম্বৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদূতক পুনৰ আহ্বান কৰাৰ সিদ্ধান্তক যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ দিয়া নিৰ্দেশ মানি নচলাৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ আবেদন দাখিল কৰা হৈছে। অধিবক্তা প্ৰেম ছিলৱালে দাখিল কৰা এই আবেদনৰ শুনানি অহা ২৩ নৱেম্বৰত হ’ব।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কিৰ বিৰুদ্ধে দাখিল কৰা এইখন প্ৰথম ৰিট আবেদন। যুৱ আন্দোলনৰ পিছত বৰ্তমান চৰকাৰে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত নিযুক্তি দিয়া ১১খন দেশৰ ৰাষ্ট্ৰদূতক পুনৰ আহ্বান কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা ৰিট আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সাৰংগা সুবেদী আৰু শ্ৰীকান্ত পৌডেলৰ যুটীয়া বিচাৰপীঠে চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী নকৰাকৈ যথাৰ্থ অৱস্থা বজাই ৰাখি অন্তৱৰ্তীকালীন আদেশ জাৰি কৰে।

কিন্তু ঠিক পিছদিনাই প্ৰধানমন্ত্ৰী কাৰ্কীৰ অধীনস্থ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰদূতসকলক মন্ত্ৰালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশনাৰ ভিত্তিত ৰাষ্ট্ৰদূতসকলে মন্ত্ৰালয়ক প্ৰতিবেদন দিবলৈ আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande