
শিৱসাগৰ, ১৭ নৱেম্বৰ (হি.স.)। শিৱসাগৰত নিষিদ্ধ গো মাংস জব্দ। শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত এটা বাসগৃহত জব্দ কৰে নিষিদ্ধ গোমাংস খিনি। বুটু আলি নামৰ ব্যক্তি জনৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান। আৰক্ষীৰ অভিযানত ৮৮.৯৩ কেজি নিষিদ্ধ গোমাংস জব্দ কৰা হয়।আৰক্ষী লগতে বাসগৃহটোত বান্ধি থোৱা অৱস্থাত ১৮ টা দমৰা গৰু উদ্ধাৰ কৰিব সক্ষম হয়।বুতু আলি আৰু ভাতৃ বূলু আলি নামৰ দুই ব্যক্তি দিৰ্ঘদিনৰ পৰা উক্ত ঘৰটোৰ পৰা চোৰাং ভাবে নিষিদ্ধ গো মাংসৰ ব্যৱসায় চলাই আছিল।আৰক্ষী অভিযানৰ উমান পাই দুজনে বৰ্তমান পলাতক অৱস্থাত আছে। বৰ্তমান আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ