বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ছাত্ৰ প্ৰতিবাদ দমন গোচৰত মৃত্যুদণ্ডৰ শাস্তি
ঢাকা, ১৭ নৱেম্বৰ (হি.স.)। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। যোৱা বছৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ হিংসাত্মক দমনৰ সৈতে জড়ি
बांग्लादेश की पूर्व प्रधानमंत्री शेख हसीना


ঢাকা, ১৭ নৱেম্বৰ (হি.স.)। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

যোৱা বছৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ হিংসাত্মক দমনৰ সৈতে জড়িত গোচৰত এই ৰায়দান কৰা হৈছে, য’ত শ শ লোকৰ মৃত্যু হৈছিল।

হাছিনাৰ অনুপস্থিতিত বিচাৰ চলিছিল। বিগত বৰ্ষৰ আগষ্ট মাহত ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ পিছৰে পৰা ভাৰতত বাস কৰি আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ন্যায়াধীশ গোলাম মৰ্তুজা মজুমদাৰে আদালতত ৰায়দান কৰাৰ সময়ত কয় যে অভিযুক্ত প্ৰধানমন্ত্ৰীয়ে মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিছিল। এই গোচৰত আইচিটিয়ে হাছিনা আৰু আন ১৯জন লোকক দোষী সাব্যস্ত কৰে, য’ত আছিল প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমাল আৰু প্ৰাক্তন আৰক্ষী অধীক্ষক চৌধুৰী মহম্মদ ছাকিব।

আদালতে হাছিনা আৰু ১৫ গৰাকীক মৃত্যুদণ্ড আৰু চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

যোৱা বছৰৰ জুলাই-আগষ্ট মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ ওপৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কৰা কথিত হিংসাত্মক দমনৰ সৈতে জড়িত এই বিচাৰ, য’ত কমেও ১০০০ লোকৰ মৃত্যু হৈছিল। দেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছত হাছিনা দুৰ্নীতি আৰু হত্যাৰ চেষ্টাকে ধৰি কেইবাটাও অপৰাধমূলক অভিযোগৰ সন্মুখীন হ’বলগীয়া হয়।

এই ৰায়দানৰ পিছতে ঢাকাত আনন্দ উল্লাসময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু প্ৰতিবাদকাৰীয়ে ফটকা ফুটাই শ্লোগান দি উত্তাল কৰি তোলে। প্ৰাক্তন ছাত্ৰ নেতা নৈম চিষ্টিয়ে কয় যে, এয়া ন্যায়ৰ বাবে জয়। হাছিনাৰ শাসন আছিল একনায়কত্ববাদৰ প্ৰতীক।

ইফালে হাছিনাৰ আৱামি লীগ দলে এই ৰায়ক “ৰাজনৈতিক প্ৰতিশোধ” আখ্যা দি আন্তঃৰাষ্ট্ৰীয় আবেদনৰ ভাবুকি দিছে। দলৰ সমৰ্থকসকলে প্ৰতিবাদৰ ভাবুকি দি ইয়াক “অবৈধ” বুলি অভিহিত কৰিছে।

ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাসমূহেও এই বিচাৰৰ ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ইয়াক “ঐতিহাসিক ন্যায়” বুলি প্ৰশংসা কৰিছে। ৭৭ বছৰীয়া হাছিনাই এই ৰায় সন্দৰ্ভত ততাতৈয়াকৈ কোনো মন্তব্য নকৰিলে। তেওঁৰ অধিবক্তাই এই গোচৰৰ বিৰুদ্ধে আপীল কৰাৰ কথা ঘোষণা কৰিছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই সিদ্ধান্ত সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে যদিও সূত্ৰই প্ৰকাশ কৰিছে যে ভাৰতে হাছিনাক ৰাজনৈতিক আশ্ৰয় দিয়াৰ কথা চিন্তা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande