মঙলদৈ প্ৰীতি নগৰত ভাগৱত শোভাযাত্ৰা
দৰং, ১৭ নৱেম্বৰ (হি.স.)। মঙলদৈ প্ৰীতি নগৰত আজি ভাগৱত শোভাযাত্ৰা ৷ দৰঙী কৃষ্টি সংস্কৃতিৰ আছে অনন্য বৈশিষ্ঠ।প্ৰাক শংকৰী যুগৰ পৰা দৰং জিলাত চলি আহিছে একাংশ বিশেষ পৰম্পৰা। ইয়াৰ পিছত শংকৰী কৃষ্টিও যোগ হৈ পৰে দৰঙৰ কৃষ্টিৰ সৈতে।দৰঙত পূৰ্বৰ পৰা কাতি মাহত
মঙলদৈ প্ৰীতি নগৰত ভাগৱত শোভাযাত্ৰা


দৰং, ১৭ নৱেম্বৰ (হি.স.)। মঙলদৈ প্ৰীতি নগৰত আজি ভাগৱত শোভাযাত্ৰা ৷ দৰঙী কৃষ্টি সংস্কৃতিৰ আছে অনন্য বৈশিষ্ঠ।প্ৰাক শংকৰী যুগৰ পৰা দৰং জিলাত চলি আহিছে একাংশ বিশেষ পৰম্পৰা।

ইয়াৰ পিছত শংকৰী কৃষ্টিও যোগ হৈ পৰে দৰঙৰ কৃষ্টিৰ সৈতে।দৰঙত পূৰ্বৰ পৰা কাতি মাহত মন্দিৰ নামঘৰ সমূহত বিভিন্ন পুথি যেনে ৰামায়ণ মহাভাৰত আৰু ভাগৱত পাঠ চলি আহিছে।কৃষি কৰ্ম কৰি আঘোণত লখিমী চপোৱাৰ পূৰ্বে মন্দিৰ নামঘৰ সমূহত সন্ধিয়াৰ পৰা চলে পুথি পাঠ।সংক্ৰান্তিৰৰ দিনা সেই পুথিখন লৈ চুবুৰীৰ ঘৰে ঘৰে শোভাযাত্ৰা কৰি যোৱা হয়।আজি প্ৰীতিনগৰ বাসীয়ে এমাহ জোৰা ভাগৱত পাঠৰ অন্তত ভাগৱত শোভাযাত্ৰা কৰে।প্ৰতিঘৰ পৰিয়ালে ভাগৱতক আদৰি সেৱা সত্কাৰ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande