
–অসমীয়া ভাষাৰ সংকটত মহিলা সমাজৰ দায়ৱদ্ধতা শীৰ্ষক গুৰুত্বপূৰ্ণ বক্তৃতা সম্পন্ন
–প্ৰতিষ্ঠা কালৰ তিনি বিদূষীক সম্বৰ্ধনা
–একক অভিনয় প্ৰতিযোগিতাত মহিলা অভিনয় প্ৰতিভা পৰিস্ফুট নতুন সমিতি গঠন মহিলাৰ গীত -নৃত্যৰে মুখৰিত যুৱ -শিশু বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ
শোণিতপুৰ, ১৭ নৱেম্বৰ নৱেম্বৰ (হি.স.)। দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা অনুষ্ঠিত হোৱা তেজপুৰৰ মহিলা সকলৰ অন্যতম অনুষ্ঠান অন্তৰংগ মহিলা সংঘৰ ৰূপালী জয়ন্তী সমাৰোহ আজি মূল সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে । উল্লেখ্য যে ২০০১ চনতে তেজপুৰৰ একাংশ মহিলাই গঢ়ি তোলা অনুষ্ঠানটিয়ে মহিলা সৱলীকৰণকে ধৰি বিভিন্ন যোগাত্মক কাৰ্যসূচী গ্ৰহণ কৰি তেজপুৰত মহিলা সকলৰ মাজত এক সুস্থ সামাজিক -সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰি অহাৰ পিছত ৰূপালী জয়ন্তী উপলক্ষেও কেতবোৰ গঠনমূলক কাৰ্যসূচী গ্ৰহণ কৰে । ইয়াৰ মাজতেই কালিৰে পৰা তেজপুৰ মাজগাঁৱৰ দা -ধৰা বামুণ চুবুৰিৰ যুৱ -শিশু বিকাশ কেন্দ্ৰৰ সভাগৃহত আয়োজন কৰা ৰূপালী জয়ন্তী সমাৰোহৰ মূল অনুষ্ঠানৰ আজি বিয়লিৰ পৰা মূল সভাখন আৰম্ভ হয় প্ৰতিষ্ঠাপক সম্পাদিকা ৰূপশ্ৰী শইকীয়া আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে ।
ৰূপশ্ৰী শইকীয়াৰ পুত্ৰ ধৃতিমান শইকীয়া আৰু অন্তৰংগ মহিলা সংঘৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত উপদেষ্টা অনুৰূপা বৰাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ লগে লগে সদস্যা আৰু বিষয়ববীয়া সকলে সমস্বৰে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটি পৰিৱেশন কৰে । ইয়াৰ পিছতেই সভানেত্ৰী ৰাণু শৰ্মাৰ পৌৰোহিত্যত সম্পাদিকা জয়া বৰাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা মূল সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী তথা তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ড০ কৃষ্ণা শৰ্মাই । উদ্বোধনী ভাষণত ড০ শৰ্মাই ঘৰৰ গৃহিনীৰ কাম চম্ভালিও মহিলা সকল একত্ৰিত হৈ এটা সামাজিক অনুষ্ঠান ২৫ বছৰ ধৰি সামাজিক আদৰণীয় কাৰ্যসূচীৰে চলাই থকা কথাটো সাম্প্ৰতিক সময়ত এক ডাঙৰ কথা বুলি মন্তব্য কৰি অন্তৰংগ মহিলা সংঘই বিগত সময়চোৱাত মহিলা সকলৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থকাৰ মধুৰ অভিজ্ঞতাৰ বিষয়ে সদৰি কৰে ।
বৰ্তমানৰ ক্ষয়িঞ্চু সমাজখনক মাৰ্গদৰ্শন কৰিব পৰাকৈ এনে ধৰণে মহিলা অনুষ্ঠান সমূহ আগবাঢ়ি অহাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি বিশিষ্ট সমাজকৰ্মী ড০ শৰ্মাই নাৰী সৱলীকৰণৰ ক্ষেত্ৰত তেজপুৰৰ বহুকেইগৰাকী বিদূষী মহিলাই গ্ৰহণ কৰা দৃষ্টান্তমূলক পদক্ষেপৰ প্ৰসংগও আলোকপাত কৰে । সদস্যা সকলে সমবেত ভাৱে পৰিৱেশন কৰা অন্তৰংগ মহিলা সংঘ ৰ ৰুমা দেৱী ৰচিত প্ৰতিকী গীতেৰে আৰম্ভ হোৱা মূল সভাখনত জয়া বৰা আৰু আকাশী বৰুৱা দাস সম্পাদিত অন্তৰংগ মহিলা সংঘ ৰ ইতিবৃত্ত অনুৰণন শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অকণিৰ সাহিত্য সভাৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ উপসভাপতি পংকজ বৰুৱাই । উন্মোচনী ভাষণত একোটা অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ বা ইতিবৃত্ত সমূহ এসময়ত সেই সেই অঞ্চল সমূহৰ সামাজিক বুৰঞ্জী প্ৰতিফলিত কৰিব পৰা মূল সম্পদ হৈ পৰে বুলি মন্তব্য কৰে । সেয়েহে এনেধৰনৰ গ্ৰন্থ সমূহৰ গুৰুত্ব অনুধাৱন কৰি সকলোৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।আনহাতে সাম্প্ৰতিক মানুহৰ যান্ত্ৰিক জীৱন চৰ্যাৰ মাজত কেৱল মহিলাক কেন্দ্ৰ কৰি গঢ়ি তোলা অন্তৰংগ মহিলা সংঘৰ ২৫ বছৰীয়া আলোকসন্ধানী যাত্ৰা সমাজখনৰ বাবে এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে ।
এখন সুস্থ আৰু মূল্যবোধ সম্পন্ন সমাজ নিৰ্মাণত একোগৰাকী মাতৃ অৰ্থাৎ মহিলা সকলৰ ভূমিকা সকলোতকৈ অধিক বুলি মন্তব্য কৰি ধন -টকা পইচাৰ সমৃদ্ধি হ'লেই যেনেদৰে একোখন সুস্থ সমাজ গঠন নহয় একেদৰে শাৰীৰিক ভাৱে স্বাস্থ্যবান একোগৰাকী ব্যক্তিয়েই সুস্বাস্থ্যৰ অধিকাৰী নহয় বুলি কৈ একোগৰকী ব্যক্তি মানসিক ভাৱে স্বাস্থ্যবান হ'লেহে এখন সুস্থ আৰু মূল্যবোধ সম্পন্ন সমাজ নিৰ্মাণ সম্ভৱ বুলি মন্তব্য কৰে ।এই প্ৰসংগতে বৰুৱাই ঘিউ মাখন, মৌ, মাছ -মাংসৰে শৰীৰৰ পুষ্টি সাধন কৰিব পাৰি যদিও সেয়া একমাত্ৰ শাৰীৰিক খাদ্যহে । অকল শাৰীৰিক খাদ্যৰ দ্বাৰাই একোগৰকী ব্যক্তি কেতিয়াও সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰে । সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ প্ৰচুৰ মানসিক খাদ্যৰ প্ৰয়োজন আৰু তেনে মানসিক খাদ্যৰ যোগান ধৰিব পাৰে একমাত্ৰ অন্তৰংগ মহিলা সংঘৰ দৰে বা আন সামাজিক -সাংস্কৃতিক অনুষ্ঠান সমূহে ।য'ৰ পৰা সমাজ বিকশিত হোৱাৰ পথ প্ৰশস্ত হয় বুলি কয় ।
আনহাতে এই মূল সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক মিতালী গোস্বামীয়ে বৰ্তমান অসমীয়া ভাষাৰ সংকটত মহিলা সমাজৰ দায়ৱদ্ধতা শীৰ্ষক বিষয়ত বিস্তৃত আলোকপাত কৰে । বিশিষ্ট লেখিকা তথা শিক্ষাসদী মায়া শৰ্মা মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰা মূল সভাখনত অন্তৰংগ মহিলা সংঘৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰা উপদেষ্টা সুচিত্ৰা শৰ্মা, অনু শইকীয়া আৰু ৰুমা দেৱীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে কালি প্ৰথম দিনটোত একক অভিনয় প্ৰতিযোগিতা উদ্বোধন কৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী ডা০ জাহানাৰা বেগমে । তেজপুৰৰ দক্ষ অভিনেতা ভূপেন শৰ্মা আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে বিচাৰক হিচাপে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত বহু মহিলাই অংশ গ্ৰহণ কৰি নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰে ।
প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অৰুন্ধতী গগৈয়ে আৰু দ্বিতীয় স্থান লাভ কৰে অলকা শৰ্মাৰ লগতে তৃতীয় স্থান লাভ কৰে অঞ্জনা কলিতাই ।আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছত পুৱাৰ ভাগত অনুষ্ঠিত হোৱা বিষয় বাচনি সভাই আগন্তুক কাৰ্যকালৰ বাবে চিনু শৰ্মাক সভানেত্ৰী আৰু মিনতি শৰ্মাক সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ