তামাৰহাটৰ হাতীধুৰাত ১২৭ বি ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
কোকৰাঝাৰ, ১৭ নৱেম্বৰ (হি.স.)।শ্ৰীৰামপুৰৰ পৰা ধুবুৰীৰ ফুলবাৰী দলং লৈ যোৱা ১২৭ বি‌ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ কাম চলি আহিছে। এই কামৰ ঠিকা লাভ কৰিছে জাণ্ডু ক''নষ্ট্ৰাকশনৰ লিমিটেড নামৰ বহিঃৰাজ্যৰ কোম্পানীয়ে। উক্ত কোম্পানীয়ে কৰি যোৱা কামৰ
তামাৰহাটৰ হাতীধুৰাত ১২৭ বি ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ


কোকৰাঝাৰ, ১৭ নৱেম্বৰ (হি.স.)।শ্ৰীৰামপুৰৰ পৰা ধুবুৰীৰ ফুলবাৰী দলং লৈ যোৱা ১২৭ বি‌ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ কাম চলি আহিছে। এই কামৰ ঠিকা লাভ কৰিছে জাণ্ডু ক'নষ্ট্ৰাকশনৰ লিমিটেড নামৰ বহিঃৰাজ্যৰ কোম্পানীয়ে। উক্ত কোম্পানীয়ে কৰি যোৱা কামৰ বহু বিসংগতি প্ৰত্যক্ষ কৰে সচেতন মহলে। তামাৰহাটৰ হাতীধুৰাত কালভাৰ্ট আৰু নলা নিৰ্মাণৰ কাম চলি আছে।

নলা আৰু কালভাৰ্ট সমূহত যি ধৰণে ৰ'ড - চিমেণ্ট ব্যৱহাৰ কৰিব লাগে তাক নকৰি কোনো মতে ৰ'ড - চিমেণ্ট দি নিশা কাম কৰে। তেনে অৱস্থা দেখি স্থানীয় ৰাইজে উত্তেজিত হৈ পৰে কালি নিশা। নিম্ন মানদণ্ডৰ কাম কৰাত ৰাইজে উত্তপ্ত কৰি তোলে আৰু কামৰ বুজ লবলৈ অহা উক্ত কোম্পানীৰ অভিযন্তাক আটক কৰি জবাব দিহি কৰে ৰাইজে। কামৰ মানদণ্ড নিম্ন হোৱা বুলি ৰাইজৰ আগত স্বীকাৰ কৰে অভিযন্তা গৰাকী। ৰাইজৰ দাবী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ কাম সঠিক ভাৱে হব লাগে। প্ৰয়োজনত ইয়াক লৈ আন্দোলন কৰিবলৈ সাজু আছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande