
টুৰিন, ১৭ নৱেম্বৰ (হি.স.)। বৰ্ষ ২০২৫ৰ চিনকাৰাজ প্ৰতিদ্বন্দ্বিতাৰ অন্তিমখন মেচত জয়ী হৈছে জানিক ছিনাৰ।
বিশ্বৰ ২ নং ছিনাৰে দেওবাৰে গভীৰ নিশা শীৰ্ষ বাচনিৰ কাৰ্লোছ আলকাৰাজক ৭-৬(৪), ৭-৫ ব্য়ৱধানত পৰাস্ত কৰি এ টি পি ফাইনেলৰ খিতাপ দখল কৰে। এইবাৰ দুয়োৰে মাজত এইখন ষষ্ঠখন মুখামুখি আছিল।
ঘৰুৱা ইটালীৰ দৰ্শকৰ সন্মুখত ছিনাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে এ টি পি ফাইনেলৰ খিতাপ দখল কৰে। এই বছৰ আলকাৰাজৰ বিৰুদ্ধে তেওঁৰ এইটো মাত্ৰ দ্বিতীয়টো জয়—তেওঁৰ প্ৰথমটো জয় উইম্বলডনৰ ফাইনেলত।
ছিনাৰে কয়, এইটো অবিশ্বাস্য ছিজন। মোৰ ইটালীৰ অনুৰাগীৰ সন্মুখত এইদৰে শেষ কৰাটো মোৰ বাবে অতি বিশেষ।
ইতিমধ্যে আলকাৰাজে বছৰৰ শেষৰ ১ নং ৰেংকিং নিশ্চিত কৰিছিল আৰু প্ৰথমবাৰৰ বাবে এ টি পি ফাইনেলৰ খিতাপ খেলিছিল। কেৰিয়াৰৰ সামগ্ৰিক মুখামুখি সংঘৰ্ষত এতিয়াও ১০-৬ ব্যৱধানত আগবাঢ়ি আছে আলকাৰাজে।
এইবাৰৰ তিনিওখন গ্ৰেণ্ড শ্লেম ফাইনেলতে দুয়োগৰাকী খেলুৱৈয়ে মুখামুখি হৈছিল।
ফ্ৰেন্স অ’পেনঃ পঞ্চম ছেটৰ টাইব্ৰেকত জয়লাভ কৰে আলকাৰাজে।
উইম্বলডনঃ জয়েৰে প্ৰতিশোধ ল’লে ছিনাৰে।
ইউ এছ অ’পেনঃ আলকাৰাজে পুনৰ জয়লাভ কৰে।
ইটালিয়ান অ’পেন আৰু চিনচিনাটি অ’পেনৰ ফাইনেলতো দুয়োৰে মুখামুখি হৈছিল, দুয়োবাৰেই আলকাৰাজে বিজয়ী হৈ ওলাইছিল (চিনচিনাটিত অসুস্থতাৰ বাবে ছিনাৰে অৱসৰ গ্ৰহণ কৰিছিল)।
এই বছৰ ছিনাৰে অষ্ট্ৰেলিয়ান অ’পেনতো জয়লাভ কৰে—য’ত তেওঁ ফাইনেলত আলেকজেণ্ডাৰ ঝভেৰেভক পৰাস্ত কৰে। এইদৰে ২০২৫ চনত দুয়োজনে দুটাকৈ ডাঙৰ খিতাপ লাভ কৰিছিল। মুঠ আলকাৰাজৰ হাতত ছটা গ্ৰেণ্ড শ্লেম খিতাপ আছে, আনহাতে চিনাৰৰ হাতত আছে চাৰিটা।
প্ৰথম চেটটোতেই দৰ্শকসকলে অলে, অলে, অলে, অলে; সিন-নৰ, সিন-নৰ ধ্বনি দিবলৈ ধৰে! আনকি এজন দৰ্শকে চিনৰক সাধু হিচাপে চিত্ৰিত কৰা পোষ্টাৰ এখনো লৈ আহিছিল।
প্ৰথম ছেটত ৫-৬ ব্যৱধানত ছিনাৰে এটা ছেট পইণ্ট ৰক্ষা কৰি টাইব্ৰেকত এটা উজ্জ্বল লব শ্বটেৰে অগ্ৰগতি লাভ কৰি ছেটটো জয় কৰে। আলকাৰেজৰ সোঁ উৰুত দুবাৰকৈ চিকিৎসাৰ প্ৰয়োজন হৈছিল আৰু প্ৰথম ছেটৰ পিছত টেপ কৰা হৈছিল।
দ্বিতীয় ছেটৰ আৰম্ভণিতে আলকাৰেজে ব্ৰেক কৰিছিল যদিও ছিনাৰে ৩-৩ ব্যৱধানত প্ৰত্যাক্ৰমণ কৰে। ইয়াৰ পিছত ছিনাৰে দীঘলীয়া ৰেলীত জয়লাভ কৰি ৰাইজে অধিক হৰ্ষ উল্লাস কৰিবলৈ সুযোগ দিয়ে। অৱশেষত যেতিয়া আলকাৰেজৰ বেকহেণ্ড ৱাইড হৈ গ’ল, তেতিয়া ছিনাৰে মেচখন জয় কৰি ক’ৰ্টত পৰি উদযাপন কৰে।
এ টি পি ফাইনেলত ছিনাৰৰ এইটোৱেই একেৰাহে দশমটো জয়—আৰু সেই কোনো এখন মেচতে তেওঁ এটা ছেট হেৰুওৱা নাই। ইনড’ৰ হাৰ্ড ক’ৰ্টত তেওঁৰ জয়ৰ ধাৰা ৩১খন মেচত উপনীত হৈছে।
ডাবলছৰ ফাইনেলত হেৰি হেলিঅ’ভাৰা আৰু হেনৰী পেটেনে জো চেলিছবেৰী আৰু নীল স্কুপস্কিক ৭-৫, ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ