লক্ষীপুৰৰ ঐতিহাসিক ভাই–ভনী দেৱালয়ৰ কাষত ডাম্পিং গ্ৰাউণ্ড নির্মাণৰ তীব্ৰ বিৰোধিতা
গোৱালপাৰা, ১৭ নৱেম্বৰ (হি.স.)। লক্ষীপুৰৰ ঐতিহাসিক ভাই–ভনী দেৱালয়ৰ কাষত ডাম্পিং গ্ৰাউণ্ড নির্মাণৰ তীব্ৰ বিৰোধিতা।জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল।গোৱালপাৰাৰ লক্ষীপুৰৰ ঐতিহাসিক ভাই–ভনী দেৱালয়ৰ কাষত নির্মাণাধীন ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ বন্ধৰ দাবীত ভ
লক্ষীপুৰৰ ঐতিহাসিক ভাই–ভনী দেৱালয়ৰ কাষত ডাম্পিং গ্ৰাউণ্ড নির্মাণৰ তীব্ৰ বিৰোধিতা


গোৱালপাৰা, ১৭ নৱেম্বৰ (হি.স.)। লক্ষীপুৰৰ ঐতিহাসিক ভাই–ভনী দেৱালয়ৰ কাষত ডাম্পিং গ্ৰাউণ্ড নির্মাণৰ তীব্ৰ বিৰোধিতা।জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল।গোৱালপাৰাৰ লক্ষীপুৰৰ ঐতিহাসিক ভাই–ভনী দেৱালয়ৰ কাষত নির্মাণাধীন ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ বন্ধৰ দাবীত ভাই–ভনী দেৱালয় পৰিচালনা সমিতিয়ে জিলা আয়ুক্তক আজি লিখিত অভিযোগ দাখিল কৰিছে।

অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি—ডেৰশ বছৰৰ ঐতিহ্য বহন কৰি অহা ভাই–ভনী পূজা প্ৰতিবছৰে বহাগ মাহত ভাইভনী পাহাৰত আয়োজিত হয়। ঐতিহ্যমণ্ডিত মন্দিৰৰ কাষত বৰ্তমানে জাৱব–জথৰ পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ কাম চলি আছে। মন্দিৰ এলেকাৰ ভিতৰতে ডাম্পিং গ্ৰাউণ্ড গঢ়ি তোলাৰ এই প্ৰচেষ্টাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিচালনা সমিতিৰ মতে—মন্দিৰৰ কাষত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ হ'লে ভাই–ভনী দেৱালয়ৰ পবিত্রতা ক্ষুণ্ণ হোৱাৰ লগতে চাৰিওফালে থকা বহু গাঁৱৰ জনজীৱন বিপৰ্যস্ত হ'ব। এতিয়া ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পৰিবর্তে ভাইভনী পাহাৰ এলেকাত চিলড্ৰেন পাৰ্ক, পিকনিক স্পট বা উপযোগী পৰিবেশমুখী প্ৰকল্প গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande