ডিফুত কাৰ্বি আংলং জিলাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
কাৰ্বি আংলং, ১৭ নৱেম্বৰ (হি.স.)। ডিফুত কাৰ্বি আংলং জিলাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। এই বিশেষ দিন উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ তাৰালাংছ'' পিপ''লছ হলত অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী । কাৰ্বি নৃত্য-গীতেৰে মুখৰিত হৈ পৰ
ডিফুত কাৰ্বি আংলং জিলাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


কাৰ্বি আংলং, ১৭ নৱেম্বৰ (হি.স.)। ডিফুত কাৰ্বি আংলং জিলাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। এই বিশেষ দিন উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ তাৰালাংছ' পিপ'লছ হলত অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী । কাৰ্বি নৃত্য-গীতেৰে মুখৰিত হৈ পৰে তাৰালাংছ'ৰ ছেৰতালিন প্ৰেক্ষাগৃহ। উল্লেখ্য যে ১৯৫১ চনৰ ১৭ নৱেম্বৰৰ দিনটোতে কাৰ্বি আংলং জিলা প্ৰতিষ্ঠা হৈছিল। ৭৪ সংখ্যক কাৰ্বি আংলং দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সাংসদ অমৰছিং তিছ', কাৰ্বি ৰজা লংছিং ৰংহাং, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি সাংস্কৃতিক সমাজৰ বিষয়ববীয়া প্ৰমুখ্যে বিধায়কসকল, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰতিনিধিসকল উপস্থিত থাকে। কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ হকে বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তি সকলক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়।

কাৰ্বি আংলং-ডিমা হাছাওৰ সংবিধানিক অধিকাৰ অনুচ্ছেদ ২৪৪(ক)ৰূপায়নৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত আছে বুলিও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande