
নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। জম্মু-কাশ্মীৰৰ নৌগাম আৰক্ষী থানাত শুকুৰবাৰে গভীৰ নিশা সংঘটিত হোৱা এক দুৰ্ঘটনাবশত বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ৩২ জন আহত হোৱা বুলি শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে আৰু কাৰণ সন্দৰ্ভত আৰু কোনো ধৰণৰ জল্পনা-কল্পনা অপ্ৰয়োজনীয়।
নৌগাম থানাৰ বিস্ফোৰণ সন্দৰ্ভত সংবাদ মাধ্যমৰ ব্রিফিঙত গৃহ মন্ত্র্যালয়ৰ যুটীয়া সচিব (জম্মু-কাশ্মীৰ সংমণ্ডল) প্রশান্ত লোখাণ্ডে কয় যে শেহতীয়াকৈ নৌগাম থানাই পোষ্টাৰৰ পৰা পোৱা সূত্ৰৰ ভিত্তিত এটা সন্ত্ৰাসবাদী মডিউল ফাদিল কৰিছে। একেটা গোচৰৰ সৈতে জড়িত ১৬২/২০২৫ নং এফআইআৰৰ তদন্তৰ সময়ত বিস্ফোৰক আৰু ৰাসায়নিক সামগ্ৰীৰ বৃহৎ কেচ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা বিস্ফোৰকসমূহ নিৰ্ধাৰিত মানদণ্ড অনুসৰি থানা চৌহদৰ ভিতৰত মুকলি ঠাইত নিৰাপদে মজুত কৰি ৰাখিছিল।
লোখাণ্ডে কয় যে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ ফৰেনছিক আৰু ৰাসায়নিক বিশ্লেষণৰ বাবে প্ৰেৰণৰ প্ৰক্ৰিয়া বিগত দুদিন ধৰি চলি আছে। উদ্ধাৰ হোৱা বিস্ফোৰকসমূহৰ অস্বাভাৱিক আৰু স্পৰ্শকাতৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞৰ তত্বাৱধানত ইয়াক অতি যত্নৰে চম্ভালি লোৱা হৈছিল। এই প্ৰক্ৰিয়াত শুকুৰবাৰে নিশা প্ৰায় ১১:২০ বজাত আকস্মিক বিস্ফোৰণ সংঘটিত হয়। ৯ জন লোক নিহত হোৱাৰ বিপৰীতে ২৭ জন আৰক্ষী, দুজন ৰাজহ বিষয়া আৰু ৩ জন সাধাৰণ নাগৰিক আহত হয়। আহত আটাইকেইজনক লগে লগে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই বিস্ফোৰণৰ ফলত আৰক্ষী থানাৰ ভৱনটোৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে চাৰিওফালৰ কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত হয়।
যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰে যে এই ঘটনাৰ কাৰণৰ তদন্ত চলি আছে। কাৰণটোৰ বিষয়ে আৰু কোনো ধৰণৰ জল্পনা-কল্পনা অপ্ৰয়োজনীয়। এই শোকৰ সময়ত মৃতকৰ পৰিয়ালৰ সৈতে একাগ্ৰতাৰে থিয় দিছে চৰকাৰ।
हिन्दुस्थान समाचार / অৰৱিন্দ