ৰাজ্যত আৰম্ভ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ তিনিদিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট সমাপ্ত
যোৰহাট, ১৩নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ তিনিদিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী আজি সমাপ্ত কৰা হৈছে । চাৰিদফীয়া দাবী সম্বলিত এই কাৰ্য্যসূচীত বৰ্তমান বেতনৰ নুন্যতম ত্ৰিশ হ
ৰাজ্যত আৰম্ভ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ তিনিদিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট সমাপ্ত


যোৰহাট, ১৩নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ তিনিদিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী আজি সমাপ্ত কৰা হৈছে । চাৰিদফীয়া দাবী সম্বলিত এই কাৰ্য্যসূচীত বৰ্তমান বেতনৰ নুন্যতম ত্ৰিশ হাজাৰ টকালৈ বৃদ্ধি কৰা, প্ৰতি বছৰে ১০% বেতন বৃদ্ধি কৰা, কৰ্মচাৰীৰ ৬০ বছৰ বয়সলৈ চাকৰি নিশ্চিত কৰা আৰু এইছ আৰ পলিচি নীতি প্ৰণয়ন কৰা ৷

যোৱা ১১ তাৰিখৰ পৰা যোৰহাটত তিনিদিনীয়াকৈ ৰূপায়ন কৰা কাৰ্য্যসূচীৰ আজি অন্তিম দিনা তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়, অন্যথা অনাগত দিনত অধিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande