টিংখাঙত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
ডিব্ৰুগড়, ১৩ নৱেম্বৰ (হি.স.)। ৰাজ্যজুৰি অব্যাহত আছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্যসূচী। বিভিন্ন প্ৰাপ্যৰ দাবীত টিংখাঙতো প্ৰতিবাদত বহিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকল। ট
টিংখাঙত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী


টিংখাঙত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী


ডিব্ৰুগড়, ১৩ নৱেম্বৰ (হি.স.)। ৰাজ্যজুৰি অব্যাহত আছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্যসূচী। বিভিন্ন প্ৰাপ্যৰ দাবীত টিংখাঙতো প্ৰতিবাদত বহিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকল। টিংখাং খণ্ড উন্নয়ন কাৰ্যালয়ত অস্থায়ী কৰ্মচাৰী সকলে নুন্যতম ৩০,০০০ টকালৈ এককালীন বেতন বৃদ্ধি, প্ৰতি বছৰে নুন্যতম ১০ % বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰা, ৬০ বছৰ বয়সলৈ চাকৰি সুৰক্ষা নিশ্চিতকৰণ কৰা, এইছ আৰ নীতি প্ৰণয়ন আৰু প্ৰয়োগ কৰাৰ মুল চাৰিটা দাবীৰে বৃহস্পতিবাৰে তৃতীয় দিনাও শান্তিপূৰ্ণ প্ৰতিবাদেৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

অতি শীঘ্ৰে এইসমূহ দাবী কাৰ্যকৰী কৰি তুলিবলৈ অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবাদস্থলীৰ পৰাই দাবী উত্থাপন কৰে অস্থায়ী কৰ্মচাৰী সকলে। দাবী পূৰণ নহ'লে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে প্ৰতিবাদী কৰ্মচাৰী সকলে।

উল্লেখযোগ্য যে বিগত প্ৰায় ১৭ বছৰ ধৰি অতি কম পাৰিতোষিকত অতি নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰি অহা অস্থায়ী পঞ্চায়ত কৰ্মচাৰী সকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অনিশ্চয়তাত ভোগাৰ লগতে পৰিয়ালৰ পোহপালৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande