ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি টিহু সমষ্টিৰ চামতাত উলিওৱা হয় 'এক বৃহৎ একতা সমদল'
নলবাৰী, ১৩ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি টিহু সমষ্টিৰ চামতাত উলিওৱা হয় ''এক বৃহৎ একতা সমদল'' । টিহু সমষ্টিৰ চামতাত বৃহস্পতিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় । একতাৰ এনাজৰীৰে সকলো
ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি টিহু সমষ্টিৰ চামতাত উলিওৱা হয় 'এক বৃহৎ একতা সমদল'


নলবাৰী, ১৩ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি টিহু সমষ্টিৰ চামতাত উলিওৱা হয় 'এক বৃহৎ একতা সমদল' । টিহু সমষ্টিৰ চামতাত বৃহস্পতিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় । একতাৰ এনাজৰীৰে সকলো বান্ধ খাই থকাৰ উদ্দেশ্যৰে , মহান স্বাধীনতা সংগ্ৰামী 'লৌহমানৱ' চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে উদযাপিত 'ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি নলবাৰীৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা পদযাত্ৰা কৰি এক বৃহৎ সমদল উলিওৱা হয়।

চামতাৰ মূল পথেৰে 'একটা সমদল' পৰিভ্ৰমন কৰি পুণৰ খেল পথাৰত সামৰণি পৰে। নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী,জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস,যুতীয়া স্বাস্থ্য সেৱা সঞ্চালক কৈলাশ ডেকা, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সহিতে চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে উক্ত সমদলত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande